মেঘালয়ৰ ফ’ৰামে অমিত শ্বাহৰ মন্তব্যৰ স্পষ্টীকৰণ বিচাৰিলে মোদীৰ পৰা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰত।

অলপতে নিৰ্বাচন অভিমুখী মেঘালয় ভ্ৰমণ কৰি এখন নিৰ্বাচনী ভাষণত অমিত শ্বাহে কৰা দায়িত্বহীন মন্তব্যক লৈ এতিয়া ৰাজ্যখনৰ এটা বেচৰকাৰী সংস্থা A’chik Indigenous Justice Initiative Forum (AIJIF)-এ প্ৰধান মন্ত্ৰী মোদীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে।

উল্লেখযোগ্য যে এই বছৰৰ জানুৱাৰি মাহৰ প্ৰথম সপ্তাহতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৰাজ্যখন ভ্ৰমণ কৰিছিল আৰু পশ্চিম গাৰো পাহাৰৰ তিক্ৰিকিল্লাত হোৱা এখন নিৰ্বাচনী সভাত ভাগ লৈছিল। সভাখনত অমিত শ্বাহে কেন্দ্ৰই মেঘালয়লৈ হাজাৰ হাজাৰ কোটি টকাৰ অনুমোদন দিয়া বুলি দাবী কৰিছিল। নিৰ্দিষ্টকৈ তেওঁ আগিয়া-মেণ্ডিপথাৰ-তুৰা পথৰ বাবে কেন্দ্ৰৰ বিজেপিৰ চৰকাৰখনে ৯ হাজাৰ কোটি টকা দিয়া বুলি দাবী কৰিছিল আৰু এইবোৰ টকা ক’ত খৰচ কৰিলে মেঘালয়ৰ কংগ্ৰেছ চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণক জনাব লাগে বুলি ৰাজহুৱা মন্তব্য কৰিছিল।

বেচৰকাৰী সংস্থা এ আই চি আই এফ (AIJIF) এ এটা বিবৃতিত কয় যে ৰাজ্যখনত বৰ্তমানলৈকে অমিত শ্বাহে কোৱাৰ দৰে আগিয়া-মেণ্ডিপথাৰ-তুৰা  নামৰ কোনো পথ নাই। যদিহে প্ৰকৃততেই এনে বৃহৎ ৰাশিৰ ধন উক্ত পথৰ নামত অনুমোদন জনোৱা হৈছে তেন্তে ইয়াৰ সবিশেষ ৰাজহুৱা কৰিব লাগে।

সংস্থাটোৰ সঞ্চালক এলেক্স কে চাংমাই কয় যে তেওঁলোক আগিয়া-মেধিপাৰা-ফুলবাৰী-তুৰা পথ আৰু মানকাচৰ-মহেন্দ্ৰগঞ্জ পথ সম্পৰ্কত অৱগত আৰু উত্তৰ-পূব কাউন্সিলৰ দ্বাৰা ইয়াৰে আগিয়া-মেধিপাৰা-ফুলবাৰী-তুৰা পথৰ বাবে প্ৰায় ১০০ কোটি টকা আৰু মানকাচৰ-মহেন্দ্ৰগঞ্জ পথৰ বাবে ২৮.৬৭৪ কোটি টকা অনুমোদন দিয়া হৈছে।

বিবৃতিটোত কোৱা হয় যে অমিত শ্বাহৰ মন্তব্যৰ সত্যতা সন্দৰ্ভত যথেষ্ট সন্দেহৰ অৱকাশ আছে। এই মন্তব্যৰ সৈতে অনুমোদিত আগিয়া-মেধিপাৰা-ফুলবাৰী-তুৰা পথ আৰু মানকাচৰ-মহেন্দ্ৰগঞ্জ পথৰা প্ৰকল্প প্ৰতিবেদনৰ কোনো মিল নাই।

যদিহে এনেকুৱা এটা বৃহৎ পৰিমাণৰ ধন অনুমোদন জনোৱা হৈছে তেতিয়া হ’লে মেঘালয় চৰকাৰে উপৰোক্ত পৰিমাণৰ টকাখিনিৰ সবিশেষ হিচাপ দিব লাগে।

আনহাতে সংস্থাটোৱে মোদীৰ পৰা অমিত শ্বাহৰ এই ৰাজহুৱা মন্তব্য বিষয়ত হস্তক্ষেপ দাবী কৰাৰ লগতে কেন্দ্ৰই অনুমোদন দিয়া প্ৰকল্পবোৰৰ হিচাপ দিয়াৰ লগতে এইবোৰত স্বচ্ছতা দাবী কৰে।