• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰীৰ পুত্ৰৰ গাড়ীৰ খুন্দাত এজন লোক নিহত, এজন আহত

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 7, 2018 7:58 pm

1 min read

মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰীৰ পুত্ৰৰ গাড়ীৰ খুন্দাত এজন লোক নিহত, এজন আহত
65
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙত আজি পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকৰ পুত্ৰৰ মাৰ্চিডিছ গাড়ী আৰু এখন মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী আৰক্ষী মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

উক্ত দুৰ্ঘটনাটোৰ সময়ত হেকৰ পুত্ৰ আইবনছৰাই নংছী (২৮)এ মাৰ্চিডিছ গাড়ীখন চলাই আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি শ্বিলং জিলা কাৰাগাৰৰ নিৰাপত্তাৰক্ষী প্ৰবিন ডি ছাংমা নামৰ মটৰচাইকেল চালকজনক শ্বিলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা মটৰচাইকেলখনৰ আনজন আৰোহী তথা ১নং মেঘালয় আৰক্ষী বেটেলিয়নৰ জোৱান প্ৰবাত আৰ মাৰাক উন্নত চিকিৎসাৰ বাবে শ্বিলং অসামৰিক চিকিৎসালয়ৰ পৰা নেগ্ৰিমছলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ বিচাৰি অনুসন্ধান কৰি থকা হৈছে বুলি জানিবলৈ দি পূব খাছি হিলছৰ আৰক্ষী অধীক্ষক ডেভিছ মাৰাকে কয় যে এতিয়ালৈকে কাকো আটক কৰা হোৱা নাই।

আনহাতে দুৰ্ঘটনাটোত নিহত হোৱা আৰক্ষী জোৱানজনৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি স্বাস্থ্য মন্ত্ৰী হেকে সমগ্ৰ ঘটনাটোৰ এক নিকা আৰু মুক্ত অনুসন্ধান হ’ব লাগে বুলি মন্তব্য কৰি কয়, ‘এজন মন্ত্ৰী হিচাপে মই এক নিকা অনুসন্ধান হোৱাটো বিচাৰো আৰু জোনেই নহওক কিয় দোষিয়ে আইন মতে শাস্তি পাব লাগে।’

 

Recent News

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd