মঙলবাৰে শ্বিলঙস্থিত ৰাজভৱনত মেঘালয়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই।
কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে শপতগ্ৰহণ অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল।
উল্লেখ্য যে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ চাংমাৰ পুত্ৰ তথা এনপিপিৰ মুৰব্বী কনৰাড চাংমাই ৩৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে পাহাৰীয়া ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰিছিল।
স্মৰ্তব্য যে সদ্যসমাপ্ত মেঘালয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ দল হিচাপে স্বীকৃত হৈছিল যদিও কনৰাড নেতৃত্বাধীন এনপিপিয়ে বিজেপিকে আদি কৰি অন্যান্য মিত্ৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।
মেনেজমাষ্টৰ হিচাপে পৰিচিত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণনীতিৰ বাবে ঘাইকে পাহাৰীয়া জিলাখনত ২১খন আসন লাভেৰে একক বৃহৎ দল হৈও শেষ মুহূৰ্তত ক্ষমতাৰ পৰা বঞ্চিত হ’বলগীয়া হয় কংগ্ৰেছ।
আজিৰ শপতগ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সাংবাদিকৰ আগত কয়: মই মেঘালয়ৰ নতুন মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছো। পূৰ্বতে সমগ্ৰ দেশতে কেৱল কংগ্ৰেছে শাসনত বৰ্তি থাকিব পাৰে বুলি এটা ধাৰণা আছিল। কিন্তু উত্তৰ পূবৰ শেহতীয়া এই বিজয়ে উক্ত ধাৰণাক নস্যাৎ কৰিলে।
আনহতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও চাংমাক শুভেচ্ছা জ্ঞাপন কৰি অঞ্চলটোৰ উন্নতিৰ বাবে সহযোগিতাৰে কাম কৰাৰ আৱশ্যকতাৰ কথা দোহাৰে।