• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয় নিৰ্বাচনঃ পৰিবাৰতন্ত্ৰই দিব গণতন্ত্ৰৰ গঢ়

মানস ৰয় by মানস ৰয়
February 24, 2018 6:44 pm
Meghalaya-
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰ আজি কি বিপন্ন? মেঘালয় বিধানসভা নিৰ্বাচনে এই প্ৰাসংগিক প্ৰশ্নটোকে তুলি ধৰিছে। নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাখনেই ৰাজ্যখনৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ কথা ঘোষণা কৰে। নিজ পৰিয়ালৰ শক্তি বৃদ্ধি কৰা আৰু ৰাজ্য শাসন কৰাৰ সকলো কথা যেন ই স্পষ্ট কৰি দিছে। ৰাজ্যখনত গণতন্ত্ৰৰ ৰূপ পৰিয়ালতান্ত্ৰিক ৰাজনীতিয়েই নিৰ্ধাৰণ কৰিব যেন বোধ হৈছে।

বিভিন্ন ৰাজনৈতিক দলৰ তালিকাত কোন কোন আছে চাওক। মুখ্য মন্ত্ৰী মুকুল চাংমাৰ পৰাই  আৰম্ভ কৰা হওক। বিজেপিৰ তীব্ৰ প্ৰচাৰৰ মুখামুখি হৈ চাংমা তেওঁৰ দলৰ বিজয়ৰ ধাৰা বৰ্তাই ৰখাৰ বাবে ব্যাপক চাপত পৰিছে। মুকুলে আমপাতি আৰু চংচাক এই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁৰ পৰিয়ালৰ সদস্যই অইন তিনিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁৰ পত্নী দিকান্সি দি চিৰা মাহেন্দ্ৰগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী। তেওঁৰ ভায়েক, বিধায়ক জেনিথে ৰাংচাক’না সমষ্টি নিজৰ দখলত ৰখাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু দিকান্সিয়ে যদি কংগ্ৰেছৰ টিকেট পায়, তেন্তে জেনিথৰ পত্নী চাধিয়াৰানি এম চাংমা জানো আঁতৰি থাকিব পাৰে? সেয়ে তেৱোঁ প্ৰতিদ্বন্দ্বিতা কৰিছে গামবেগ্ৰে সমষ্টিৰ পৰা। ভায়েক জেনিথৰ পত্নী চাধিয়াৰানিক টিকেট দিবৰ বাবে মুকুল চাংমা বোলে বিৰাট হেঁচাত পৰিব লগা হৈছিল। চাধিয়াৰানি গাৰো হিলচ অতন’মাচ কাউন্সিলৰ সদস্যা।

Apply Now

ব্যতিক্ৰম নহয় লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিতক চাংমাৰ পৰিয়ালো। তেওঁৰ পুত্ৰ, তুৰাৰ সাংসদ কনৰাদে এতিয়া নেশ্ব্নেল পীপলছ পাৰ্তিক নেতৃত্ব দিছে। কনৰাদৰ ভায়েক জে’ইমছে দাদেংগ্ৰে আৰু ভনীয়েক আগাথাই দক্ষিণ তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। কনৰাদ আৰু জে’ইমছ দুয়োৰে খুলশালী সঞ্জয় চাংমাক এন পি পিয়ে মাহেন্দ্ৰগঞ্জ সমষ্টিত মুকুল-পত্নী দিকান্সিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে।

ৰ’ব, তালিকাখন চাংমাতে শেষ হোৱা নাই। ধৰ কন্স্ত্ৰ দদাই লামবকলাং মিলিয়েম আৰু তেওঁৰ ভতিজা গেৱিন মিলিয়েমে পিদিএফৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

ওপৰৰ তালিকাখন হ’ল একে দলৰ টিকেটত প্ৰতিদ্বন্দ্বিতাসকলৰ।

আন কেইগৰাকীমানে আকৌ বেলেগ বেলেগ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। গ্ৰে’চ মেৰি খাৰপুৰিয়ে পিদিএফৰ হৈ আৰু তেওঁৰ গিৰীয়েক দনকুপাৰ মাচাৰে এনপিপি দলৰ হৈ নিৰ্বাচনত নামিছে।

আন দুজন দদাই-ভতিজা বিলিকিদ চাংমা আৰু এদামকিদ এম চাংমাইও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিলিকিদ দক্ষিণ তুৰাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ বিপৰীতে এদামকিদে উত্তৰ তুৰাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ মতে গণতান্ত্ৰিক ব্যৱস্থা এটাত এই প্ৰৱণতা আকাংক্ষিত নহয়।

এন ই নাওৰ সৈতে হোৱা কথা বতৰাত হৰিশংকৰ ব্ৰহ্মই কয়, ‘প্ৰথম কথা, কেইটামান পৰিয়ালতে যদি ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে তেন্তে তাৰ প্ৰভাৱো কেইটামান পৰিয়ালতে সীমিত থাকিব। গণতন্ত্ৰৰ বাবে ই শুভলক্ষণ নহয়। বাকীবিলাকৰ কি হ’ব? ক্ষমতা থাকিলে ধন থাকে, গতিকে ই হৈ পৰেগৈ এক পাৰিবাৰিক ব্যৱসায় আৰু পৰ্য্যায়ক্ৰমে ই এক বৃত্তিত পৰিণত হয়গৈ যিটো সমাজৰ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ বাবেও ঠিক কথা নহয়।’

মেঘালয়ৰ প্ৰাক্তন মুখ্য সচিব ৰঞ্জন চেটাৰ্জিৰ মতে ভাৰতীয় গণতন্ত্ৰ পৰিপক্ক হ’বলৈ এতিয়াও বাকী। আহি থকা বছৰবিলাকত কথাবোৰ উন্নতি হ’ব বুলি তেওঁ আশাবাদী।

চেটাৰ্জিয়ে এন ই নাওক কয়, ‘গণতান্ত্ৰিক ব্যৱস্থাটোত ই এক ক্ষতিকাৰক প্ৰভাৱ পেলাব বুলি মই নাভাবো। সময় বাগৰাৰ লগে লগে তেওঁলোকৰ অধিকাৰক লৈ, গণতান্ত্ৰিক অনুষ্ঠানসমূহক লৈ লোকসকল অলপ অধিক সজাগ হ’লে এনে নঘটে।’

‘ভাৰতীয় গণতন্ত্ৰ এতিয়াও পৰিপক্ক হোৱা নাই। ইয়াৰ এক পৰিৱৰ্তন হ’ব লাগিব। মই আহি থকা বছৰকেইটাত ইয়াৰ উন্নতি হ’ব বুলি আশা কৰোঁ’ আছিল চেটাৰ্জিৰ সামৰণিৰ মন্তব্য।

মানস ৰয়

মানস ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd