মেনহিৰ আৰু মেগালিথ আৱিষ্কৃত মিজোৰামৰ ভেঞ্চিয়া গাঁৱক প্ৰত্নতাত্বিক ক্ষেত্ৰৰ মৰ্যাদা

v-6-570x320

ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগে মিজোৰামৰ ভেঞ্চিয়া গাঁৱত থকা মেনহিৰ (ইউৰোপীয়ান মধ্য ব্ৰঞ্জ যুগৰ এককশিলৰ গাঁথনি) আৰু মেগালিথসমূহক (প্ৰাগঐতিহাসিক যুগৰ বিৰাট আকৃতিৰ প্ৰস্তৰ স্মৃতিসৌধ) প্ৰত্নতাত্বিক ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। ইয়াপ পাছতে কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাস, ইনটাচৰ (INTACH) মিজোৰাম শাখাই এই ক্ষেত্ৰখন ইউনেস্ক’ৰ নিৰীক্ষণৰ মাজত থকা বুলি সদৰি কৰিছে।

‘‘এয়া ইতিমধ্যে নিশ্চিত কৰা হৈছে যে মিজোৰামৰ মেনহিৰ আৰু মেগালিথসমূহ ২৪০০ বছৰ প্ৰাচীন। এই ঐতিহাসিক ক্ষেত্ৰখন এতিয়া ইউনেস্কৰ নিৰীক্ষণৰ ভিতৰত আছে। আমি আশা কৰোঁ যে এই স্থানক অতি শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা কৰা হওক।’’ কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ মিজোৰাম শাখাৰ আহ্বায়ক পি ৰোহমিংথাংগাই কয়।

এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পি ৰোহমিংথাংগাই ১৯৭০ চনতেই এই ক্ষেত্ৰখন হেলিকপ্টাৰেৰে  প্ৰত্যক্ষ কৰিছিল। স্থলপথেৰে যাব পৰা হোৱাত তেওঁ এই স্থানত নিজে গৈ উপস্থিত হৈছিলগৈ।

উল্লেখ্য যে মিজোৰামৰ চামফাই জিলাত থকা চামফাই-ফাৰ্কৱন পৰ্বত শ্ৰেণীৰ ঘন সেউজীয়া হাবিতলীয়া পৰিৱেশত লালিত-পালিত ম্যানমাৰৰ সীমান্তৱৰ্তী এখন গাঁও হৈছে ভেঞ্চিয়া গাঁও। শ শ বছৰ ধৰি মেগালিথিক শৈল প্ৰহৰীয়ে এই সৰু গাঁৱখন পহৰা দি আহিছে।

বহুকেইটা প্ৰত্নতাত্বিক খননকাৰ্যৰ পাছত ২০টা পৰ্যন্ত শিল পাৰি দিয়া গাঁথনি, প্ৰাচীন সমাধিস্থলৰ অৱশেষ, প্ৰাচীন কয়লা আৰু জৈৱ অৱশেষ লাভ কৰা গৈছে আৰু এই সমূহ সময় নিৰূপণ কৰাৰ  বাবে ৰেডিঅ’ কাৰ্বন ডেটিঙৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা গৈছে।

ভেঞ্চিয়া গাঁওত অলপতে এটা ২০০ মিটাৰ দৈৰ্ঘৰ জন মণ্ডপ, এটা মোগল যুগত বিনোদন স্থান হিচাপে অনুমান কৰা গাঁথনিৰ সৈতে মিল থকা শিলৰ গাঁথনি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে।

স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰে যে ম্যানমাৰৰ চিন পাহাৰৰ পৰা হোৱা ঐতিহাসিক প্ৰব্ৰজনৰ তথ্য এই মেনহিৰ সমূহৰ ৰহস্যময় চিত্ৰসমূহত খোদিত হৈ আছে। প্ৰচলিত এটা স্থানীয় কিংবদন্তি অনুসৰি কাওচ্চুৱা ৰুপোই হৈছে এটা গোপন পথৰ প্ৰৱেশদ্বাৰ। লোক বিশ্বাস অনুসৰি এই গোপন পথটো ভাৰত-ভূটান সীমান্তত অৱস্থিত তিউ নদী পৰ্যন্ত  আছে।

ভেঞ্চিয়া হৈছে মাথোঁ ১৫৩ ঘৰ মানুহে বাস কৰা এখন গাঁও। এই প্ৰাগঐতিহাসিক সম্পদসমূহ সন্দৰ্ভত অজ্ঞ এই মানুহখিনিয়ে এই মেনহিৰসমূহক লুংফান (ঠিয় শিলৰ স্মৃতিচিহ্ন) বুলি কয়।১৯৮০ আৰু ১৯৯০ চনত বহুতো মেগালিথ আৰু মেনহিৰ ভাঙি পেলোৱা হৈছিল।

কাৰ্বন-১৪ ডেটিঙৰ পৰা জানিব পৰা মতে এই স্থান খৃষ্টপূৰ্ব ৬০০ চনৰ পূৰ্বৰ। ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগৰ প্ৰত্নতত্ববিদসকলে বিশ্বাস কৰে যে এই স্থাৰ প্ৰাচীন বসতিস্থানসমূহ ৪০ কি:মি: ব্যাসাৰ্ধৰ এলেকা বিয়পি আছিল।