যি বুটাম টিপিলেও ভোট পৰে বিজেপিত : ত্ৰিপুৰাৰ মালবাচাৰ স্কুলত ইভিএম, ৱি ৱি পি এ’ টি পৰীক্ষণত

EVM

প্ৰতিনিধিত্বমূলক ছবি

ত্ৰিপুৰা বিজেপিৰ সভাপতিয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীয়ে ভোট দিলেও ভোটটো বিজেপিলৈকে যাব বুলি মুকলিকৈ কৈ ফুৰাৰ পৰতে ৰাজ্যখনৰ এক ইভিএম প্ৰদৰ্শনীৰ সময়ত দিয়া পৰীক্ষামূলক সকলো ভোট বিজেপিত পৰিছে।

আনকি ৱি ৱি পি এ’ টি মেচিনটো একে ঘটনাই ঘটিছে।

মঙলবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনত শাসনাধিষ্ঠিত চি পি আই (এম) দলে।

মেলাৰমঠত চি পি আই (এম)ৰ মুখ্য কাৰ্য্যালয়ত মঙলবাৰে গধূলি দলটোৰ ৰাজ্যিক সম্পাদক বিজন ধৰে কয়, ‘পশ্চিম মালবাচা এচ বি স্কুলত থকা বুথ নং ৪৭ত ইভিএম প্ৰদৰ্শনৰ সময়ত দেখা গ’ল যে যিকোনো দলৰ বুটাম টিপিলেও ভোটটো বিজেপিৰ পক্ষতে যায়। ৱি ৱি পি এ’ টি মেচিনৰ পৰীক্ষণটো একে ঘটনাই সংঘটিত হৈছে।’

নেতাজনে কয় যে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মুখ্য মন্ত্ৰীয়ে ভোট দিলেও ভোটটো বিজেপিলৈকে যাব বুলি মুকলিকৈ কৈ ফুৰা অৱস্থাত এনে ঘটনাক সাধাৰণ কথা বুলি উৰাই দিব নোৱাৰি।

তেওঁ লগতে কয় যে, ‘মেচিনৰ কেতিয়াবা কিবা বিসংগতি থাকিব পাৰে, কিন্তু বিভিন্ন ৰাজ্যত সংঘটিত এনে অসংখ্য ঘটনাই আমাক কথাতো অন্য ধৰণে ভাবিবলৈ বাধ্য কৰিছে।’

উক্ত দিনাৰ ঘটনাতো সন্দৰ্ভত চি পি আই (এম) নেতাজনে জনায় যে, ‘লগে লগে উপস্থিত ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে আৰু প্ৰদৰ্শনী বাতিল কৰি মেচিনসমূহ আঁতৰাই দিয়া হয়।’

চি পি আই (এম)ৰ নেতাসকল মিলিত হৈ বিষয়টো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰানিকান্তিৰ দৃষ্টিগোচৰ কৰে।

নিৰ্বাচনী বিষয়াগৰাকীয়ে চি পি আই (এম)ৰ প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে সকলো বিসংগতিপূৰ্ণ মেচিন সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ’ব আৰু দৰকাৰ হ’লে সিবোৰ বদলাই দিয়া হ’ব।

পিছত মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে মেচিনসমূহত বিসংগতি থকাৰ কথা স্বীকাৰ কৰে আৰু কয় যে মেচিনসমূহত তাঁৰ কিছুমানৰ বেঠিক সংযোগৰ বাবে এই ঘটনা ঘটিছিল।

বিষয়াগৰাকীয়ে কয় যে ইণ্টাৰনে’ট সংযোগ নোহোৱা এই মেচিনসমূহত হেকিং হ’ব নোৱাৰে।

তেওঁ জনায় যে স্বচ্ছ প্ৰক্ৰিয়াৰে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা ল’ব।