যোৰহাটৰ শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি

শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে 'সঁহাৰি' আঁচনিয়ে

যোৰহাটৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে আকৌ এবাৰ তেওঁৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰমাণ দাঙি ধৰিলে। এক অগতানুগতিক ধাৰণাৰে শৌচাগাৰ নোহোৱা সকলৰ বাবে ‘শৌচাগাৰ দান’ কৰাৰ বাবে ৰাইজক আহ্বান জনোৱাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই এইবাৰ তেওঁ ৰাইজৰ পৰা অতিৰিক্ত ধন আহৰণৰ ব্যৱস্থাৰে শাৰীৰিকভাৱে অক্ষমসকলক সহায়ৰ বাবে ‘সঁহাৰি’ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে।

জিলাখনৰ ৰাইজক শৌচাগাৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ প্ৰকল্পটো উপায়ুক্তগৰাকীৰ সম্পূৰ্ণ নিজা আছিল যদিও তেওঁ বৰ্তমান গ্ৰহণ কৰা ‘সঁহাৰি’ হৈছে চৰকাৰী আঁচনি।

মিট্টালে এইবাৰ ৭.৫ লাখ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে আৰু সমগ্ৰ জিলাখনৰ ৩০০০ কৈয়ো অধিক শাৰীৰিকভাৱে অক্ষম ব্যক্তিক তেওঁলোকৰ অভিভাৱক তথা সহায়কৰ সৈতে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা হাস্পাতলত চিকিৎসাৰ বাবে অনা হয় আৰু লগতে শাৰীৰিকভাৱে অক্ষম হিচাপে পঞ্জীয়ন কৰা হয়।

জিলা প্ৰশাসনে গোটেই অনুশীলনটোক ‘এক আশাৰ ৰেঙণি’ (A Ray of Hope) নামৰ এখন তথ্যচিত্ৰত আৱদ্ধ কৰিছে। এই তথ্যচিত্ৰখন বৃহস্পতিবাৰে ইউ টিউবত আপলোড কৰা হৈছে আৰু ইয়াৰ লিংকটো হৈছে  https://youtu.be/5Y78-jHQy-g.

এক আশাৰ ৰেঙণি তথ্যচিত্ৰখন আকৰ্ষণীয়ভাৱে আৰম্ভ কৰা হৈছে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু আৱহ সংগীত ৰূপে বজাই ৰখা হৈছে তেওঁৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক বিখ্যাত গীতটো।

দহ মিনিটৰ এই তথ্যচিত্ৰখনৰ বিষয়ে আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে সাধাৰণতে হোৱাৰ দৰে এইখন চৰকাৰী প্ৰচাৰমূলক তথ্যচিত্ৰ নহয়। ইয়াত আঁচনিখন সফল কৰি তোলাত সহায় কৰা দাতাসকল, প্ৰতিবন্ধীসকল, চিকিৎসক আৰু প্ৰশাসনীয় ব্যৱস্থাটো, সকলোকে সমানভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

মিট্টালে প্ৰকাশ কৰা অনুসৰি বিভিন্ন ব্যক্তিগত, বেচৰকাৰী সংস্থা, প্ৰতিষ্ঠান তথা ৰাইজৰ সম্পৰ্ণ সহযোগত প্ৰথমবাৰৰ বাবে ২৪ দিনীয়া শিৱিৰ অনুষ্ঠিত কৰা হৈছিল।

শিৱিৰত ৮০০০ লোকে যোগদান কৰিছিল আৰু গাইপতি ১০০ টকা হিচাপত ৭.৫ লাখ টকা সংগ্ৰহ কৰা হৈছে। ৩৬৯৭ জনক পৰীক্ষা কৰি ইয়াৰে ৩০৩৭ জনক শাৰীৰিকভাৱে অক্ষমৰ প্ৰমানপত্ৰ প্ৰদান কৰা হৈছে যাতে তেওঁলোকে চৰকাৰী আঁচনিৰ সা-সুবিধাসমূহ লাভ কৰিব পাৰে।