যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱসৰ পূৰ্ণ প্ৰস্তুতি

SahityaSabha

অসম সাহিত্য সভাই হেমকোষ প্ৰকাশন আৰু অন্যান্য সংগঠনৰ সহযোগত অহা ১ মে’ত দিনজোৰা কাৰ্যসূচীৰে ৰজ্যজুৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস আয়োজন কৰাৰ সমান্তৰালকে যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাইও পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিত সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়ে যে সেইদিনা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস উপলক্ষে যোৰহাট জিলা সাহিত্য সভাই সকলো শাখা সাহিত্য সভাৰ সহযোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত দিনৰ ১১ বজাৰ পৰা জিলা সভাৰ সভাপতি চন্দ্ৰ বৰুৱাৰ পৌৰাহিত্যত এখন মুকলি সভা অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে ৰাতিপুৱা ৮.৪৫ বজাত আয়োজকসকলে চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাংগণত পতাকা উত্তোলন আৰু ৯ বজাত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ কৰিব।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিব। এই সভাতে দেউৰী চ্চু চ্চেব্বা চ্চেংচ্চা (দেউৰী সাহিত্য সভা)ৰ প্ৰাক্তন সভাপতি নৃপেনসিং দেউৰী আৰু ভাষাবিদ-অভিধানিক অনন্ত চিংফৌক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিব।

ইফালে তিনিচুকীয়া জিলা সাহিত্য সভাই শাখা সমূহৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব স্মৃতি দিৱস। ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাচত বিয়লি ২ বজাত জিলা সভাপতি ডাঃগিৰিশ সন্দিকৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। এই সভাত তিনিচুকীয়া জিলা সাহিত্য সভাই অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণানন্দ শইকীয়া আৰু ইনু মহন্তক বিশেষভাৱে সম্বৰ্ধনা জনাব।

আনহাতে ডিব্ৰুগড় সাহিত্য সভাইও ১ মে’ত দুলীয়াজান মহাবিদ্যালয়ত হেম বৰুৱা আৰু তেখেতৰ উত্তৰসূৰী দেৱানন্দ বৰুৱাৰ স্মৃতি দিৱস আয়োজন কৰিছে। ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতাৰ গতে আখৰ জোঁটনি কৰ্মশালাও অনুষ্ঠিত হ’ব। ইয়াৰ পাচত বিয়লি ১.৩০ বজাত জিলা সভাপতি অজয় সিংহৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ হৈ ডিব্ৰুগড় নিবাসী বিশিষ্ট ভাষাতত্ববিদ ড০ ভীমকান্ত বৰুৱা আৰু ড০ অৰ্পণা কোঁৱৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।