শণিবাৰে হিৰ’আই লীগৰ দ্বিতীয় লেগৰ খেলত শ্বিলং লাজঙৰ সন্মুখত মোহন বাগান

representational pic

২০১৭-১৮ বৰ্ষৰ হিৰ’ আই লীগৰ দ্বিতীয় লেগৰ এখন খেলত মুখা মুখী হ’ব দুই শক্তিশালী ফুটবল দল। ৩ ফেব্ৰুৱাৰি অৰ্থাৎ শণিবাৰে উত্তৰ-পূবৰ শক্তি শ্বিলং লাজং অৱতীৰ্ণ হ’ব বংগৰ প্ৰভাৱশালী দল মোহন বাগানৰ বিৰুদ্ধে।

উক্ত হাইভল্টেজ মেচখন শণিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা শ্বিলঙৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এই পৰ্যন্ত আই লীগত লাজং এফ চিয়ে ১৩ খন খেলৰ ভিতৰত ৫ খনত বিজয়, ৬ খনত পৰাজিত আৰু ২ খন খেলত ড্ৰ খেলি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।

আনহাতে মোহন বাগানে ১১ খন খেলৰ ৪ খনত জয়ী, ৫ খনত পৰাজয় আৰু ২ খনত ড্ৰ খেলি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

শণিবাৰে হ’বলগীয়া খেলখনক লৈ দুয়োটা দলে সম্পূৰ্ণ আত্ম বিশ্বাসী বুলি নিজৰ নিজৰ প্ৰশিক্ষক সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

শ্বিলং লাজং ফুটবল ক্লাব হ’ল দেশৰ এটা আগশাৰীৰ প্ৰফেশ্যনেল ফুটবল ক্লাব। ক্লাবটোৰ মুখ্য স্থান হৈছে মেঘালয়ৰ শ্বিলং। এই দলটোৱে ভাৰতীয় আই লীগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে এই ক্লাবটো ১৯৮৩ চনত স্থাপন হৈছিল। ক্লাৱটো স্থাপন কৰাৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ৰাজ্যখনৰ ফুটবলৰ মানদণ্ড উন্নত কৰা, স্থানীয় প্ৰতিভাবান খেলুৱৈক চিনাক্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ দিয়া।

শ্বিলং লাজং দলটোৰ অধিকাংশ খেলুৱৈ কম বয়সীয়া আৰু উত্তৰ-পূবৰ খেলুৱৈৰে গঠিত।