• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শদিয়া আৰু মিচিমি পাহাৰৰ ঐতিহ্য-সংস্কৃতিৰ জিলিঙনিৰে উন্মোচিত হ’ল ‘মিচিমি বিহৰ সন্ধানত’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 8:07 pm
মিচিমি বিহৰ সন্ধান উন্মোচন কৰা মুহূৰ্তৰ এখন স্থিৰ চিত্ৰ।

মিচিমি বিহৰ সন্ধান উন্মোচন কৰা মুহূৰ্তৰ এখন স্থিৰ চিত্ৰ।

640
VIEWS
Share on FacebookShare on Twitter

আজি যোৰহাট চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘এনাজৰী- ৭৬’ৰ পুনৰ মিলন অনুষ্ঠানত লেখক তপন কুমাৰ শৰ্মাৰ শেহতীয়া গ্ৰন্থ ‘মিচিমি বিহৰ সন্ধানত- শদিয়া আৰু মিচিমি পাহাৰৰ ঐতিহ্য-সংস্কৃতি’ মুকলি কৰা হয়৷ তাহানিৰ আৰু আজিৰ শদিয়া অঞ্চলৰ লগতে মিচিমি পাহাৰৰ ঐতিহ্য আৰু সংস্কৃতিৰ জিলিঙনি এই কিতাপখনৰ পাতে পাতে পৰি আছে। লেখকে নিজৰ অৰঙে-দৰঙে ঘূৰি ফুৰা চখৰ মাজেৰে আৱিষ্কাৰ কৰা তথা আজিও লোকচক্ষুৰ অলক্ষিতে ৰৈ যোৱা বহু কথা, সৰু কাহিনী নিজৰ মনোৰম উপস্থাপন শৈলীত আগ বঢ়াইছে। গতিকে পাঠকৰ ৰসাস্বাদনৰ সমানে উপকৃত হোৱাৰ থল আছে। শদিয়াৰ ৰণুৱা গোহাঁই, চিংফৌসকলৰ মুখিয়াল বিচা-গামৰ ইংৰাজৰ লগত সংঘাত আৰু যোৰহাট কাৰাগাৰত মৃত্যুবৰণ ইত্যাদি সৰু সৰু কাহিনীবোৰৰ বুকুত সাৰ পাই উঠিছে ইংৰাজৰ অসম আগমনৰ আগৰ আৰু পাছৰ অসমৰ ইতিহাস। বুৰঞ্জীৰ ছাত্ৰ-শিক্ষকৰ বাবেও নতুন কথা যেন লগা বহুতো কথা ইয়াত সন্নিৱিষ্ট হৈ আছে। লগতে অসমৰ লোকসমাজত বিশেষ স্থান পোৱা মিচিমি তথা মিচিমি বিহৰ লগত জড়িত মনোৰম কাহিনীও আছে।

উদাহৰণস্বৰূপে এটা কাহিনী হ’ল- ১৫২৩ চনৰ পাছত আহোম আৰু মিচিমিৰ মাজত এখন বাণিজ্যিক-ৰাজনৈতিক চুক্তি হৈছিল, য’ত ৰাজনৈতিক সুৰক্ষাৰ বিনিময়ত মিচিমি সকলে আহোম ৰাজক চাৰি পাচিকৈ বৰবিহ দিবলৈ অংগীকাৰবদ্ধ আছিল৷ সেইদৰে- অসমৰ প্ৰথম ছপাশাল শিৱসাগৰ নহয়, শদিয়াতহে স্থাপন হৈছিল৷ ইংৰাজে প্ৰথম চাহখেতি চাবুৱাত নহয়, শদিয়াতহে আৰম্ভ কৰিছিল৷ চিংফৌসকলৰ মুখিয়াল বিচা-গামৰ ইংৰাজৰ লগত সংঘাত আৰু যোৰহাট কাৰাগাৰত মৃত্যুবৰণ৷ খাৰ-বাৰুদ চীনদেশে নহয়, শদিয়াবাসীয়ে বিশ্ববাসীক দিছিল৷ কিতাপখনত বৰ্ণিত আৰু এটা কথাই মন টানি নিব৷ শৰাইঘাট আহোম আৰু মোগলৰ মাজত শেষ ৰণ নহয়; শৰাইঘাটৰ পাছত, লাচিতৰ মৃত্যুৰ পাছতে লালুকসোলা, দেবেৰা হাজৰিকা আদি বিষয়াই গুৱাহাটী মোগলৰ হাতত সঁপিছিল৷ এনে বহুবোৰ আমোদজনক, শিহৰণকাৰী তথ্যৰে ভৰা কিতাপখন৷ সন্দেহ নাই সকলো পাঠকে কিতাপখন পঢ়ি শিহৰিত, বিস্মিত আৰু আনন্দিত হ’ব৷ ফেচবুকত খণ্ড খণ্ডকৈ প্ৰকাশ হওঁতে পাঠকৰ পৰা এনে অলেখ সঁহাৰি পাইছিল৷

আজি এই গুৰুত্বপূৰ্ণ কিতাপখন যোৰহাটৰ উক্ত অনুষ্ঠানটোত উন্মোচন কৰা হয়। ২৪০ (+ ১৬ ৰঙীন) পৃষ্ঠাৰ কিতাপখনৰ মূল্য ২৪০ টকা৷ কিতাপখন গুৱাহাটীৰ গ্ৰন্থমেলাত কিনিব পাৰিব ক্ৰমে ষ্টল নং ৪০ আৰু ৯০ ৰ পৰা।

উল্লেখযোগ্য যে লেখক তপন কুমাৰ শৰ্মা যোৰহাটৰ সন্তান আৰু উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক৷ তেওঁ ইয়াৰ পূৰ্বেও অসমীয়া মানুহৰ অ’ত-ত’ত থকা শিপাৰ সন্ধানত হোৱা অভিজ্ঞতাৰে ‘মানৰ দেশত’ আৰু ‘কৰ্ণফুলিৰ পাৰত’ নামৰ দুখন কিতাপ লিখিছিল, যিকেইখনে পাঠক সমাজত বিশেষ সমাদৰ লাভ কৰিছিল।

Recent News

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd