• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2025 1:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানী সেনা ক্ৰমান্বয়ে ভাৰত সীমান্তৰ ফালে আগবাঢ়ি অহা দেখা গৈছে। অৰ্থাৎ পাকিস্তানে এতিয়া পৰিস্থিতিটোক পূৰ্ণাংগ যুদ্ধলৈ উন্নীত কৰিবলৈ চেষ্টা কৰিছে বা পূৰ্ণাংগ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে। শনিবাৰে ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ভ্যোমিকা সিঙে সংবাদমেলত এই দাবী কৰি কয় যে আমি দেখিছো যে পাকিস্তানী বাহিনী ক্ৰমান্বয়ে সীমান্তৰ কাষ চাপিছে।

তেওঁ লগতে কয় যে পাকিস্তানী স্থল বাহিনীয়ে আগবাঢ়ি অহাৰ অৰ্থ হ’ল তেওঁলোকে উত্তেজনা আৰু অধিক বৃদ্ধিৰ চেষ্টা চলাইছে। এনে পৰিস্থিতিত ভাৰতীয় সশস্ত্ৰ বাহিনীয়েও চূড়ান্ত প্ৰস্তুতি চলাইছে। পাকিস্তানৰ যিকোনো পদক্ষেপৰ প্ৰতি দ্ৰুত আৰু উপযুক্ত সঁহাৰি দিবলৈ ভাৰতীয় বাহিনী সম্পূৰ্ণৰূপে সজ্জিত। ভাৰতে উত্তেজনা লাঘৱ হোৱাটো বিচাৰে, কিন্তু পাকিস্তানে সঁহাৰি দিলেহে সেইটো হ’ব বুলি কয় উইং কমাণ্ডাৰ ভ্যোমিকাই।

Apply Now

অপাৰেচন সিন্দুৰৰ পিছৰে পৰা পাকিস্তানে সীমান্তৰ উত্তেজনাক যুদ্ধলৈ লৈ যাবলৈ ক্ৰমান্বয়ে উচটনি দি আহিছে। শনিবাৰে পুৱা এখন সংবাদমেলযোগে বৈদেশিক মন্ত্ৰালয়ে জনায় যে পাকিস্তানৰ আচৰণৰ বাবে দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পাইছে। আজি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে পাকিস্তানৰ আচৰণৰ বাবে উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি সঁহাৰি জনাইছে ভাৰতে।

 বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে, “মই ইয়াৰ পূৰ্বে বহুবাৰ কৈছো যে পাকিস্তানে অহৰহ প্ৰৰোচনাৰে যুদ্ধ পৰিস্থিতিতউচটনি দি আছে। যাৰ প্ৰতি সঁহাৰি জনায় ভাৰতীয় সেনা আৰু বায়ুসেনাই। আজি পুৱাৰ পৰা পাকিস্তানী বাহিনীয়ে ভাৰতৰ কেইবাটাও স্থানত ড্ৰোন আৰু বিমান আক্ৰমণ চলাইছে। কিন্তু ভাৰতে তেওঁলোকৰ প্ৰত্যেককে উপযুক্ত উত্তৰ দিছে।”

সংবাদমেলত কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে কয় যে পাকিস্তানৰ বিমান আক্ৰমণৰ ফলত উধামপুৰ, ভুজ, পাঠানকোট আৰু ভাটিন্দাত থকা ভাৰতীয় বিমান ঘাটিসমূহৰ সামান্য ক্ষতিসাধন হয়। পাকিস্তানে আগ্ৰাসন অব্যাহত ৰাখিছে। ড্ৰ’ন আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ উপৰিও গোটেই নিশাটো গোলাবৰ্ষণ অব্যাহত থাকে। ভাৰতীয় ঘাটিসমূহক লক্ষ্য কৰি পূৰ্ণাংগ যুদ্ধৰ ধৰণত জেট বিমানেৰে আক্ৰমণ চলাইছে। শুকুৰবাৰে নিশাৰ পৰা পুৱালৈকে প্ৰায় ২৬টা স্থানৰ পৰা পাকিস্তানী বিমানে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। পুৱা প্ৰায় ১:৪০ বজাত পঞ্জাৱৰ এয়াৰ বেছত আক্ৰমণৰ চেষ্টা চলায়। আনকি পাকিস্তানী সেনাই যুদ্ধৰ চৰ্ত উলংঘা কৰি চিকিৎসালয় আৰু বিদ্যালয়ত আক্ৰমণৰ চেষ্টাও কৰিছিল।

সংবাদমেলত উপস্থিত থকা উইং কমাণ্ডাৰ ভ্যোমিকা সিঙে জনাইছে যে ভাৰতীয় বাহিনীয়ে পাকিস্তানী সেনাৰ ঘাটি আৰু সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত অতি বেগেৰে আৰু নিখুঁতভাৱে আক্ৰমণ চলাইছিল। ইফালে বি এছ এফে ছিয়ালকোটৰ এটা সন্ত্ৰাসবাদী ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে।

তেওঁ লগতে কয় যে ভাৰতীয় বাহিনীৰ প্রত্যুত্তৰে বখালি পেলোৱা পাকিস্তানে এতিয়াও নিজৰ কুৎসিত, ভুৱা অপপ্ৰচাৰ অব্যাহত ৰাখিছে। ভাৰতৰ চুৰাট আৰু ছিৰছাত থকা বিমান ঘাটিত থকা এছ-৪০০ ব্যৱস্থা ধ্বংস কৰা বুলি পাকিস্তানে কৰা দাবী সম্পূৰ্ণ মিছা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd