‘শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ’ ৰক্ষাৰ স্বাৰ্থত চি পি আই(এম)য়ে অষ্টমবাৰলৈ গঠন কৰিব চৰকাৰ: মানিক সৰকাৰ

Manik Sarkar campaign

ফাইল ফটো

‘শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ’ ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ত্ৰিপুৰাত অষ্টম বাৰৰ বাবে চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিব বুলি শণিবাৰে দাবী কৰে বাওঁপন্থী নেতা মানিক সৰকাৰে।

বৰ্ষীয়ান চি পি আই(এম) নেতাজনে শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীক আগন্তুক নিৰ্বাচনত সকলো সাম্প্ৰদায়িক আৰু বিভাজনকাৰী শক্তিক পৰাভূত কৰিবলৈ আহ্বান জনায়।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পাঁচবাৰৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে শণিবাৰে খায়াৰপুৰত এখন নিৰ্বাচনী জনসভাত অংশ লৈ কয় যে ভাৰতীয় জনতা পাৰ্টী আৰু ইণ্ডিজিনিয়াছ পিপল’ছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা(আই পি এফ টি)য়ে  কৰা প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ ফলত ৰাজ্যখনৰ শান্তি শংখলাত বেয়াকৈ প্ৰভাৱ পৰিব, তাৰ উপৰি ৰাজ্যখনৰ জনজাতি আৰু অজনজাতীয় লোকৰ মাজত থকা ভাতৃত্ববোধৰ ক্ষেত্ৰতো যথেষ্ট অস্থিৰতা দেখা যাব।

‘বিজেপি আৰু আৰ এছ এছৰ দৰে সাম্প্ৰদায়িক দলে বিভাজনকাৰী শক্তি আইপিএফটিৰ সহায় লৈ চলো পাল্টাই শ্লোগানেৰে ৰাজ্যখনত বাওঁপন্থী চৰকাৰখনক আঁতৰাই তেওঁলোকে শাসনৰ গাদী দখল কৰাৰ অপচেষ্টা চলাই আছে। কিন্তু শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীয়ে এনেধৰণৰ অপশক্তিক পৰাজয় কৰি পৰম্পৰাগত শান্তি-শৃংখলা অটুট ৰাখাৰ স্বাৰ্থত পুনৰবাৰ চি পি আই(এম)কে শাসনৰ গাদীত বহুৱাব’ ৰাইজক উদ্দেশ্যি এনেদৰে কয় মানিক সৰকাৰে।

তেওঁ উক্ত জনসভাতে আইপিএফটিক উভটি ধৰি কয় যে আইপিএফটিৰ দলীয় কৰ্মকৰ্তাই ৰাজ্যখনত বহুটো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ উপৰি বহুতো নিৰিহ লোকৰ প্ৰাণ কাঢ়ি নিছে একমাত্ৰ পৃথক ৰাজ্যৰ নামত।

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰা সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু দিনক দিনে দেশৰ অৰ্থনীতি ব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছে বুলিও সৰকাৰে অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীজনে তেওঁলোকৰ চৰকাৰে কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কথা কোৱাৰ উপৰি চৰকাৰে সম্পূৰ্ণ ৰূপে ৰাইজৰ হৈ কাম কৰা বুলি কয়।

আনহাতে সৰকাৰে কয়, ‘স্বাস্থ্য খণ্ডত ভাল ফলাফল আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ পাঁছখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে ত্ৰিপুৰাৰ নামো সন্নিৱিষ্ট আছে’।