শিক্ষা কৰ্মীৰ নায্য প্ৰাপ্তিৰ দাবীত জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মী সন্থাৰ প্ৰতিবাদ

shiksha karmi

২০০৩ চনৰ পৰা জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মীসকলক তেওঁলোকৰ ন্যায্য দাবীসমূহৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি আজি দিছপুৰ লাষ্ট গেটত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

সন্থাৰ নেতৃবৰ্গই জানিবলৈ দিয়া মতে  বিগত ১৫ বছৰ ধৰি তেওঁলোকে শিক্ষকৰ দৰে ভূমিকা পালন কৰি অহাৰ পিছতো শিক্ষকৰ প্ৰকৃত মৰ্যাদাৰ পৰা বঞ্চিত। তদুপৰি তেওঁলোক প্ৰাপ্য মজুৰিৰ পৰাও বঞ্চিত বুলিও সদৰি কৰে।

জানিব পৰা মতে বৰ্তমান অসমত ৭৬০ টা জ্যোতিকেন্দ্ৰ, ১০০০ গৰাকী কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী, কেন্দ্ৰৰ পৰা মূল সুঁতিকৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১,৫০,০০০ গৰাকী আৰু বৰ্তমান অধ্যনৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৩৫,০০০ গৰাকী।

তদুপৰি শিক্ষা কৰ্মী সকলে জানিব দিয়া অনুসৰি তেওঁলোকৰ মাহেকীয়া মজুৰি ৫৫০০ টকা। তেওঁলোকৰ বাবে সেই মজুৰিৰে পৰিয়াল পোহপাল দিয়াত চৰম অসুবিধাৰ সন্মুখীন হয় বুলি সাংবাদিকৰ আগত সদৰি কৰে।

শিক্ষা অধিকাৰ আইন ২০০৯ ত উল্লেখ থকা অনুসৰি এই শিক্ষা কৰ্মী সকল বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে বিশেষ ভাবে নিয়োজিত শিক্ষক যদিও অন্য শিক্ষক সকলৰ দৰে তেওঁলোকৰ কিয় দৰমহা নাবাঢ়ে বুলি তেওঁলোকে অসম চৰকাৰৰ শিক্ষা বিভাগক প্ৰশ্ন কৰে।

২০০৩ চনৰ পৰা বৰ্তমানলৈকে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ পৰা আশ্বাসৰ বাহিৰে একোৱেই নাপালে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধান সভাৰ অধক্ষ্যক জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মী সন্থাৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবে আহ্বান জনায়।

সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল ইছলামে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে কেন্দ্ৰ সমূহত শিক্ষক নিযুক্তি দিয়াৰ লগতে দৰমহাৰ নিয়মীয়াকৰণৰ বাবে দাবী জনোৱাৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে।