শিৱসাগৰত ১৩টা পদকেৰে  উজলিল অৰুণাচল প্ৰদেশৰ টাইকোৱানডো দল

Taekwondo

সদ্যসমাপ্ত তৃতীয় সংখ্যক শিৱসাগৰ গুডউইল অপেন ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত উজলি উঠিবলৈ সক্ষম হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দল।

পাহাৰীয়া ৰাজ্যখনৰ টাইকোৱানডো প্ৰতিযোগিতাখনত মুঠ ১৩টা পদক দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত দলটোৱে ১০টা সোণৰ, ১টা ৰূপৰ আৰু ২টা ব্ৰঞ্জৰ পদক দখল কৰে।

উল্লেখযোগ্য যে শিৱসাগৰৰ আমগুৰি টাইকোৱানডো একাডেমীৰ উদ্যোগত প্ৰতিযোগিতাখন যোৱা ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতাখনত জি গাংছাই ৩টা, ৰৃপা বেয়ৰে ৪টা, পিমাৰ ইটৰে ২টা আৰু লিচাং কায়’ৰুংগিয়ে ১টা সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়।

আনহাতে টাং কানুই ৰূপৰ পদক পোৱাৰ বিপৰীতে বিন্দু ইটে আৰু পিমাৰ ইটৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

অৰুণাচল টাইকোৱানডো সংস্থাই এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক দলটোৰ প্ৰশিক্ষণৰ দায়িত্বত আছিল দীপক গুৰুং। এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাই ৰাজ্য সমূহৰ মাজত পাৰস্পাৰিক সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া প্ৰতিযোগিতাখনৰ সময়ছোৱাত অঞ্চলটোৰ বহুসংখ্যক ক্ৰীড়ানুৰাগী উপস্থিত আছিল।