শিৱসাগৰৰ হাঁহচৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী

শিৱসাগৰৰ হাঁ‌হচৰা কুজিবালিত আজি আৰক্ষীয়ে গাঞ্জাসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে শুকুৰবাৰে স্থানীয় ৰাইজ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সহযোগত আৰক্ষীয়ে হাঁহচৰাৰ কুজিবালিত চাহাবুদ্দিনৰ ঘৰত তালাচী চলাই ২ কেজি ৭০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ী চাহাবুদ্দিনকো আটক কৰে।

প্ৰাপ্ত তথ্য মতে ধৃত গাঞ্জা ব্যৱসায়ী চাহাবুদ্দিনে ১ বছৰ ধৰি শিমলুগুৰিৰ কেইবাখনো দোকানত গাঞ্জা বিক্ৰী কৰি আহিছিল। যাৰ ফলত অঞ্চলটোৰ শৈক্ষিক, সামাজিক পৰিৱেশ বিনষ্ট হৈ আহিছিল।

আনহাতে ধৃত ব্যৱসায়ীটোৱে এই গাঞ্জা সমূহ নামতোলা পাহাৰৰ পৰা ক্ৰয় কৰি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

বৰ্তমান ধৃত গাঞ্জা ব্যৱসায়ী চাহাবুদ্দিন আহমেদ চেৰেকাপাৰ আৰক্ষীৰ জিন্মাত আছে।