শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

শিবসাগৰ

ফাইল ফটো : কিছুদিন পূৰ্বে শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিৰ মুহূৰ্ত। ফটো : পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকে যোৱা ২৬ জুলাইত শিৱসাগৰ পুখুৰীত সমুহীয়া আত্মজাহৰ যি প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল তাক বাতিল কৰিবলৈ জিলা প্ৰশাসনে এইসকল বেতন বঞ্চিত শিক্ষকৰ লগত আলোচনা কৰি ৭ দিনৰ ভিতৰত মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ লগত আলোচনা অনুষ্ঠিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু জিলা প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৭ দিন পাৰ হৈ যোৱাৰ পাছতো আজিলৈ কোনো আলোচনাৰ ব্যৱস্থা কৰা পৰিলক্ষিত নহ’ল।

শিৱসাগৰৰ এইসকল বেতন বঞ্চিত শিক্ষক আৰু বিভিন্ন দল সংগঠনৰ মাজত সোমবাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই প্ৰতিবাদী সভাত জিলা বেতন বঞ্চিত শিক্ষক সমিতিয়ে অহা ১৪ আগষ্টৰ পৰা পুনৰ অনিৰ্দিষ্ট কালৰ বাবে আমৰণ অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অহা ১৪ আগষ্টৰ পুৱাৰ ভিতৰত যদি ৰাজ্য চৰকাৰে এই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেন্তে ১৪ আগষ্টৰ দুপৰীয়াৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সভাই ঘোষণা কৰে।

তদুপৰি বেতন বঞ্চিত শিক্ষক সকলে নিৰ্দিষ্ট দিনটোৰ ভিতৰত যদি চৰকাৰে এই বিষয়টো নিস্পত্তিৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰে তেন্তে বিদ্যালয় সমুহত তলা বন্ধৰ কাৰ্যসূচী লোৱা হ’ব বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰে।

কালিৰ প্ৰতিবাদী সভাত বেতন বঞ্চিত শিক্ষক সকলে পুনৰ আত্মজাহৰ সিদ্ধান্ত গ্রহণ কৰিছিল যদিও দল সংগঠনৰ অনুৰোধত সাময়িক ভাৱে এই কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

শিৱসাগৰ জিলা প্ৰশাসনে, প্ৰতিশ্ৰুতি দিও ৭ দিনৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে বিষয়টো নিস্পত্তি কৰিব নোৱাৰাত এই প্ৰতিবাদী সভাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। লগতে জিলা প্ৰশাসনৰ যোগেদি অহা ১৪ আগষ্টৰ ভিতৰত মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ লগত আলোচনাত মিলিত হোৱাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে ।