শিৱসাগৰ আমগুৰিৰ জালুক গাঁৱৰ সাংবাদিক পাৰ্থ শইকীয়াৰ অকাল মৃত্যু, ‘দিমজা’ৰ শোক প্ৰকাশ

শিৱসাগৰ জিলাৰ আমগুৰি জালুক গাঁৱৰ সাংবাদিক পাৰ্থ শইকীয়াৰ আজি ৮ জুনৰ দুপৰীয়া ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত অকালতে মৃত্যু হয়।

৩৫ বছৰীয়া পাৰ্থ শইকীয়া ৬ জুনৰ পুৱা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল।

‘নিয়মীয়া বাৰ্তা’ কাকতত হালোৱাটিঙৰ পৰা কিছুদিনৰ বাবে সংবাদ পৰিৱেশন কৰা শইকীয়াই সম্প্ৰতি ‘আমি অসমৰ জনগণ’ কাকতত জাঁজীৰপৰা সংবাদসেৱা আগবঢ়াই আছিল। ইয়াৰ সমান্তৰালভাৱে ৱে’ব মিডিয়া ‘অসম সংবাদ’ তেওঁ আমগুৰিৰ পৰা সংবাদ সেৱা আগবঢ়াই আছিল।

মৃত্যুৰ সময়ত পাৰ্থ শইকীয়াই পত্নী আৰু এগৰাকী ৬ বছৰীয়া কন্যাৰ লগতে পিতৃ-মাতৃক  এৰি থৈ গৈছে।

সাংবাদিকগৰাকীৰ মৃত্যুত অসমৰ ডিজিটেল মিডিয়া সাংবাদিকসকলৰ সদ্যগঠিত সংগঠন ‘দিমজা’ৰ হৈ সভাপতি স্বপ্নীল ভৰালী আৰু সাধাৰণ সম্পাদক মানস ৰয়ে শোকপ্ৰকাশ কৰিছে।

সাংবাদিকগৰাকীৰ বিয়োগত শিৱসাগৰ প্ৰে’ছ কৰেছপণ্ডেন্টছ’  এছচিয়ে’শ্যন, শিৱসাগৰ ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, আমগুৰি ই মিডিয়া ফ’ৰাম, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম জাতীয় গণমঞ্চ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।