শিৱসাগৰ জিলাৰ শাখা ডাকঘৰ সমূহৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতো ভোগাইছে সাধাৰণ লোকক

শিৱসাগৰ মুখ্য ডাকঘৰৰ অন্তৰ্গত ক্ৰমে ডিমৌ, ৰাজমাই আৰু নিতাই পুখুৰী উপ-ডাকঘৰৰ অধীনত চলি থকা শাখা ডাকঘৰ সমূহৰ দুৰ্বল আন্তঃগাথঁনিয়ে ৰাইজৰ মাজত ভাৰতীয় ডাকসেৱাৰ প্ৰতি সদা প্ৰশ্নৰ উন্মেষ ঘটাই আহিছে।

ডিমৌ উপ ডাকঘৰৰ অন্তৰ্গত উদয়পুৰ শাখাত দীৰ্ঘদিন ধৰি খালী হৈ আছে বহু পদ যাৰ ফলত ৰাইজৰ বিত্তীয় লেনদেনত তীব্ৰ খেলিমেলিৰ সৃষ্টি হৈছে।

সাম্প্ৰতিক সময়ত ভাৰতীয় ডাকসেৱাই ৰাইজ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ চিঠি-পত্ৰ আদান-প্ৰদান কৰাৰ উপৰি আৰ্থিক লেনদেন, ডাক বেংক স্থাপন, জীৱন বীমা, দীৰ্ঘম্যাদী জমা আদিৰ দৰে আঁচনিৰ ব্যাপক সম্প্ৰসাৰণ ঘটাইছে। ডাকসেৱাই এনেবোৰ আঁচনি সাঙুৰি লোৱাৰ ফলত গাঁৱৰ ৰাইজেও ডাক বিভাগৰ সৈতে এৰাব নোৱাৰাকৈ জড়িত হৈ পৰিছে।

কিন্তু অতি দুৰ্ভাগ্যজনক ভাবে আৰ্থিক লেন-দেনত ভাৰতীয় ডাকসেৱাই সম্প্ৰতি উৎসাহজনক ব্যৱসায় কৰাৰ বিপৰীতে গ্ৰামাঞ্চলৰ ৰাইজক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সদায়ে কৃপনালি কৰি অহা পৰিলক্ষিত হৈছে।

ডিমৌ উপ ডাকঘৰক কেন্দ্ৰ কৰি চলি থকা শাখা ডাকঘৰ সমূহৰ প্ৰতি লক্ষ্য কৰিলেই স্পষ্ট হৈ পৰে ডাকসেৱাৰ শোচনীয় ৰূপ। ডিমৌ উপ ডাকঘৰৰ অধীনত ভাৰাতীয়াকৈ শাখা ডাকঘৰ সমূহ চলি আছে অতি জৰাজীৰ্ণ গৃহত।

ইয়াৰোপৰি, প্ৰাপ্ত তথ্য মতে উদয়পুৰ শাখা ডাকঘৰৰ বি পি এম জন বিগত বৰ্ষৰ জুলাই মাহতে অৱসৰ গ্ৰহণ কৰাত সেই পদ আজিও খালি হৈয়ে আছে। যাৰ ফলত ১৫ খনতকৈ অধিক গাঁওবাসীৰ ভৰসা উদয়পুৰ শাখা পিয়ন জনে ডাকঘৰটোৰ সকলো কাম কাজ চলাই ভাগৰি পৰিছে।

কোনো কোনো স্থানত ডাকঘৰৰ চিন মোকামেই নাই।

যোৱা বৰ্ষত ডাক বিভাগে খালি পদসমূহ পূৰণৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ পাছতো গাঁৱৰ শাখা সমূহ খালী হৈ থকাৰ বাবে অঞ্চলটোৰ ৰাইজ বহুত সমস্যাত পৰিছে।