শোচনীয় পথৰ বাবে বিধায়ক বৃন্দাবন গোস্বামীৰ বিৰূদ্ধে ক্ষোভ উজাৰিলে সমষ্টিৰ ৰাইজে

People protest against local MLA for bad road

তেজপুৰ পৌৰ সভা আৰু মা্জগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও আৰু ঘৰপাৰা চুবুৰী আৰু ৱাৰ্ড নং ১৬ৰ বাসিন্দাসকলে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সমষ্টিটোৰ বাসিন্দাসকলে অভিযোগ কৰা মতে বিধায়ক গোস্বামীৰ সমষ্টিটোৰ ৰাষ্টা-ঘাটকে আদি কৰি অন্যন্য বিকাশমূলক কাম-কাজ কৰাৰ প্ৰতি আগ্ৰহ নাই।

স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীৰ বাসভৱনৰ দুয়ো ফালৰ পৰা ছেক্ৰেড হাৰ্ট হাই স্কুল, শংকৰদেৱ শিশু নিকেতন আৰু ঘৰপাৰা চুবুৰী নিম্ন প্ৰাথমিক বিদ্যালয়ক প্ৰধান পথটোৰ সৈতে সংযোগ কৰা পথটো ব্যৱহাৰ কৰা অবস্থা ছাত্ৰ-ছাত্ৰী আৰু অন্য পথচাৰীৰ বাবে অত্যন্ত শোচনীয় হৈ পৰিছে।

এসময়ৰ সৌন্দৰ্যশালী চহৰ তেজপুৰে আজি শোচনীয় পথৰ বাবে মানুহক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে। তাৰোপৰি, পৌৰসভা আৰু গাঁও পঞ্চায়ত দুয়োটাৰে অন্তৰ্গত অন্যন্য সংযোগী পথসমূহো বিগত ২০ বছৰ ধৰি লাভ কৰি অহা অমনোযোগিতাৰ ফলত শোচনীয় হৈ পৰিছে।

প্ৰতিবাদীসকলে ঘৰপাৰা চুবুৰী আৰু মাজগাঁওৰ পৰা ছেক্ৰেড হাৰ্ট হাইস্কুললৈ সংযোগ কৰা পথটো বিদ্যালয় চলি থকা ২ ঘণ্টা সময় ৰূদ্ধ কৰি ৰাখি ‘বৃন্দাবন গোস্বামী হায় হায়, বৃন্দাবন গোস্বামী গো বেক’ আদি শ্লোগানৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত জিলা প্ৰশাসনৰ লোক লোক আহি স্থানীয় লোকক আশ্বাস দি পৰিস্থিতি শান্ত কৰে। বাৰিষাৰ আগে আগে পথটো মেৰামতি কৰাৰ বাবে দাবী জনাই প্ৰতিবাদী জনতাই সদৰৰ চক্ৰ বিষয়াৰ জৰিয়তে শোনিতপুৰ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

বাৰিষা এই পথটো পথচাৰী আৰু গাড়ীত অহা সকলোৰে বাবে ভাবুকি হৈ পৰে। পথৰ মাজত হোৱা একাঁঠু দ’ গাঁতৰ বাবে দুৰ্ঘটনা এই পথটোত এটা নৈমিত্যিক ঘটনা হৈ পৰিছে যদিও কোনেও এই বিষয়ত মূৰ ঘমোৱা নাই। বিগত ১৫ৰ পৰা ২০ বছৰ ধৰি তেজপুৰ বিধানসভা সমষ্টিটোৰ বহু আকাংখ্যিত বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে এটা অচলাৱস্থা প্ৰত্যক্ষ কৰি জনসাধাৰণে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এতিয়ালৈকে কোনো কাম হৈ নুঠাত মানুহৰ আশা ক্ৰমে ক্ষীণ হৈ আহিছে।

টিচি/পিবিএমচি/২০১৪-১৫/৩৪৩২ নং পত্ৰ যোগে ৪৯.৪৮০ লাখ টকাৰ ব্যয় সাপেক্ষ এটা আনুমানিক হিচাপ এছ ই, টি আৰ চিৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিল যদিও ধনখিনি এতিয়ালৈকে অনুমোদন কৰা হোৱা নাই বুলি গড়কাপ্তানি বিভাগৰ অভিযন্তা কৃষ্ণ হাজৰিকাই প্ৰতিবাদী জনতাক অবগত কৰিছে। আনহাতে এই অভিযোগ সম্পৰ্কে এতিয়ালৈকে বৃন্দাবন গোস্বামীৰ পৰা কোনো উত্তৰ লাভ কৰা নাই।