সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত স্থাপন কৰিব ২১ খন আদৰ্শ আৱাসিক বিদ্যালয়

Representative image

অসমৰ সংঘালঘু অঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক উত্তৰণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব চৰকাৰৰ এক বিশেষ আঁচনিৰ জৰিয়তে। উক্ত সংখ্যালঘু অঞ্চলত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যৰ ২১ খন জিলাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত স্থাপন কৰিব ২১ খন আদৰ্শ আৱাসিক বিদ্যালয় ।

শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত সংখ্যালঘু কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধ্যক্ষতা কৰি সংখ্যালঘু কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদক এই আদৰ্শ আৱাসিক বিদ্যালয় সমূহ স্থাপনৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে এই আদৰ্শ বিদ্যালয়সমূহ সংখালঘুসকলৰ বাবে বহুখণ্ডীয়া আঁচনিৰ অধীনত স্থাপন কৰা হ’ব। ইয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে উপযুক্ত ভূমি ধাৰ্য কৰাৰ উপৰি প্ৰত্যেক বিদ্যালয় স্থাপনৰ বাবে প্ৰায় ৩০.৪২ কোটি টকা মঞ্জুৰ কৰিছে।

আদৰ্শ বিদ্যালয়ৰ বাবে অসম চৰকাৰে বাচনি কৰা বিদ্যালয় কেইখন হ’ল কামৰূপ, নলবাৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, উত্তৰ শালমাৰা, দৰং, বিশ্বনাথ, মৰিগাঁও, নগাঁও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও, ডিমা হাছাও, কাৰ্বি আংলং, লক্ষীমপুৰ, শোণিতপুৰ আৰু ওদালগুৰি।

আনহাতে উক্ত বৈঠকতে মুখ্য মন্ত্ৰীয়ে সংখ্যালঘু জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়িত হোৱা আঁচনিসমূহৰো পুংখানুপুংখ পৰ্যালোচনা কৰে।

ইয়াৰ উপৰি ১৪ বছৰৰ পাছত চৰ অঞ্চলৰ আৰ্থ-সামাজিক জৰীপ কাৰ্য চলোৱাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশনাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত ইতিমধ্যে অমিয় কুমাৰ দাস ইনষ্টিটিউটলৈ ২২.৫০ লাখ টকা মোকলাই দিছে আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবেও ৫০ লাখ টকা আছুতীয়াকৈ ধাৰ্য কৰিছে।

মুখ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকতে সংখ্যালঘু হিতাধিকাৰীসকললৈ ছ’লাৰ গৃহ লাইট, ই-ৰিক্সা, ট্ৰেক্টৰ, টাৰা পাম্প আদি সামগ্ৰীসমূহ অতি শীঘ্ৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।