সংবাদকৰ্মীৰ লগত মত বিনিময় চৰকাৰী পক্ষৰ: চৰকাৰী বিজ্ঞাপন সম্পৰ্কত আলোচনা

Hrishikesh Goswami

বিভিন্ন শ্ৰেণীৰ সংবাদ পত্ৰলৈ চৰকাৰী বিজ্ঞাপন প্ৰদান কৰাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু গতিশীলতা অনাৰ বাবে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ সভাপতিত্বত আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত হাতীগাঁৱত ‘ৰাইজৰ বাতৰি’ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সাংবাদিক আৰু সংবাদকৰ্মী সংগঠনৰ কৰ্মকৰ্তাৰ লগত চৰকাৰী বিজ্ঞাপন তথা অন্যান্য বিষয়ত বিতংভাৱে আলোচনা কৰা হয়।

সভাৰ আৰম্ভণিতে তথ্য আৰু জনসংযোগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই ২০১৬-১৭ বৰ্ষৰ বিজ্ঞাপনৰ বাবদ অনাদায় ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।

লক্ষ্যণীয় যে ক্ষুদ্ৰ বাতৰিকাকতসমূহ জীয়াই ৰখাৰ লগতে এনেবোৰ কাকতত কৰ্মৰত সাংবাদিকসকলৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিয়মীয়া বিজ্ঞাপন প্ৰদান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় সভাত উপস্থিত থকা সংবাদ কৰ্মীসকলে।

সভাত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা সাংবাদিকসকলে বক্তব্য আগবঢ়াই কয় যে কিছু কিছু প্ৰতিষ্ঠানৰ মালিকপক্ষই সাংবাদিকসকলক কম দৰমহা প্ৰদান কৰি এক প্ৰকাৰ শোষন কৰি আহিছে। আৰু অহা কাৰ্যত চৰকাৰে হস্তক্ষেপ কৰাটো আমি বিচাৰো।

উল্লেখ্য যে সভাত উপস্থিত একাংশ সাংবাদিকে বৰ্তমান সময়ত ‘ৱেব মিডিয়া’ই এক সুকীয়া স্থান দখল কৰা বুলি উল্লেখ কৰি ৱেব প্ৰতিষ্ঠানসমূহলৈও বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগক আহ্বান জনায়।

মন কৰিবলগীয়া যে সাংবাদিকৰ পেঞ্চন আঁচনিৰ অধীনত প্ৰতিবছৰে দহগৰাকী সাংবাদিকলৈ পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত সলনি কৰি এই সংখ্যা ২০ জনলৈ বৃদ্ধি কৰিবলৈও সাংবাদিকসকলে চৰকাৰী পক্ষক অনুৰোধ কৰে।