সংবাদমাধ্যমৰ দায়বদ্ধতা

গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য হৈছে– দেশৰ সামগ্ৰিক উন্নয়নৰ লগতে জনগণৰ পক্ষত থাকি সমাজক সংঘবদ্ধ কৰা আৰু বিজ্ঞানসন্মত, সঠিক পথৰ সন্ধান কৰা বা দেখুৱাই দিয়া৷

শাসনভাৰ লোৱা ৰাজনৈতিক দলৰ ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দি দেশৰ উন্নয়নৰ হকে মাত মতা৷সৰ্বসাধাৰণৰ দৃষ্টিত সংবাদ মাধ্যম সত্য আৰু ন্যায়ৰ প্ৰতীক৷ সত্যক সঠিক দিশত প্ৰতিষ্ঠা কৰাটোৱেই সংবাদ মাধ্যমৰ প্ৰকৃত ধৰ্ম হ’ব লাগে৷ সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা সংবাদ মাধ্যমৰ পৰা সমাজে বহু কিবাকিবি আশা কৰে– যিবোৰ শাসনৰ গাদীত বহি থকা ৰাজনৈতিক নেতা বা দলৰ পৰা অথবা আমোলা-বিষয়াৰ পৰা আশা কৰিব নোৱাৰি৷ সাধাৰণ ৰাইজে সংবাদ মাধ্যমক যেনেকৈ সত্য আৰু ন্যায়ৰ প্ৰতীক বুলি ভাবে, বৃত্তিটোত জড়িত হৈ থকা লোকসকলকো তেনেদৰেই ভাবে৷ কাৰণ বাতৰিকাকতখন বা চেনেলটোক পৰিচালনা কৰে বৃত্তিটোত জড়িত থকা লোকসকলে অৰ্থাৎ সাংবাদিকসকলে৷ সেই দিশৰ পৰা সাংবাদিকসকলো ন্যায়ৰ প্ৰতীক৷ন্যায়ৰ প্ৰতীক হিচাপে সাংবাদিকসকলে সমাজ গঠনত কেনে ভূমিকা গ্ৰহণ কৰিব লাগে, সেই কথা বহলাই কোৱা নিষ্প্ৰয়োজন৷

কিন্তু যোৱা প্ৰায় দুটা দশকৰ সংবাদ মাধ্যমৰ ইতিহাস খুঁচৰিলে দেখা যায়– একাংশ সাংবাদিকে পক্ষপাতমূলক তথা ন্যস্তস্বাৰ্থৰ বাহক হিচাপে কাম কৰিবলৈ লৈছে৷ বৃত্তিটোক কলুষিত কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ গৈ সমগ্ৰ মাধ্যমটোকে সৰ্বসাধাৰণ ৰাইজৰ মাজত ঘৃণাৰ পাত্ৰ কৰি তুলিছে৷ অপ্ৰয়োজনীয়ভাৱে অতিৰঞ্জিত কৰি এটা সৰু ঘটনাক এনে এটা পৰ্যায়লৈ লৈ যোৱা হয়– যিটোৱে গোটেই জাতিটোকে লজ্জনত কৰে৷ আনহাতে আন বহু গুৰুত্বপূৰ্ণ খবৰ বা ঘটনা সাংবাদ মাধ্যমে আওকাণ কৰে অথবা ৰাজনৈতিক স্বাৰ্থত গোপনে ৰাখিব বিচাৰে, যিবোৰে দেশৰ তথা সমাজৰ ক্ষতি কৰে৷ আনহাতে একাংশ সাংবাদিকে পালন কৰি অহা এই ৰাজনৈতিক স্বাৰ্থ কিন্তু দেশ বা সমাজৰ উন্নয়নৰ হকে নহয়; ব্যক্তিস্বাৰ্থ বাবেহে৷ শাসকীয় দলৰ নেতা আৰু একাংশ সাংবাদিকৰে থকা জনস্বাৰ্থ-বিৰোধী মিতিৰালি আৰু একপক্ষভাৱে সংবাদ পৰিৱেশন কৰা এই ব্যক্তিস্বাৰ্থ কাৰবাৰটো অত্যধিক ৰূপত গা কৰি উঠিছিল কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালতে৷ আৰু এতিয়া ই গভীৰ পৰা গভীৰতলৈ শিপাইছে৷

দেশ তথা সমাজৰ প্ৰতি থকা সাংবাদিকৰ দায়বদ্ধহীনতা বিষয়টো এতিয়াৰ বুলি ক’লে হয়তো ভুল হ’ব৷ ইয়াৰ বীজ অংকুৰিত হৈছিল অসম আন্দোলনৰ সময়তে– যি সময়ত একপক্ষীয়ভাৱে সংবাদ পৰিৱেশন কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ ইয়াৰ পাছত, একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই অসমৰ সংবাদ মাধ্যমে একে পথতে থাকি নতুন মোৰ ল’লে৷ অসম আন্দোলৰ সময়ত সংবাদ পৰিৱেশন ‘একপক্ষীয় সমাজ-কেন্দ্ৰিক’ আছিল৷ আৰু আজিৰ সংবাদ পৰিৱেশন ব্যৱস্থাটো হ’ল– ‘একপক্ষীয় ব্যক্তি-কেন্দ্ৰিক’৷ এই ব্যক্তি-কেন্দ্ৰিক বিষয়টোৱে পুনৰ নতুন ভুৱা কৱচ পিন্ধিবলৈ ল’লে,– যেতিয়া অসমত বৈদ্যুতিন প্ৰচাৰ মাধ্যমৰ দ্ৰুতগতিত প্ৰসাৰ ঘটিল আৰু ইয়াৰ ক্ষমতা ৰাজনৈতিক নেতাৰ হাতলৈ গ’ল৷ যোৱা প্ৰায় দুটা দশকত অসমৰ সংবাদ মাধ্যমৰ কাৰ্যকলাপবোৰলৈ চকু ফুৰালে দেখা যায়– একাংশ সুবিধাবাদী সাংবাদিকৰ বোকা ছটিওৱা ৰাজনীতি, নিজ স্বাৰ্থত দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতাক পাকেপ্ৰকাৰে ৰক্ষণাবেক্ষণ দিব বিচৰা, এপক্ষীয় আৰু উদ্দেশ্যপ্ৰণোদিত সংবাদ পৰিৱেশন আদি খবৰবোৰে অধিক গুৰুত্ব পাই আহিছে৷ যিটোৰ বাবে জনগণ আৰু দেশৰ স্বাৰ্থ গৌণ হৈ পৰিছে৷ দুটামান উদাহৰণ দিলে বিষয়টো অধিক পৰিস্ফুট হৈ পৰিব৷

যোৱা প্ৰায় চাৰিটা দশক ধৰি অসমত যি অশান্তি পৰিস্থিতি সৃষ্টি হৈ আছে, সেই অশান্তি অৱসান ঘটাটো সকলোৱে বিচাৰে৷ পিছে এই অশান্তি অৱসানৰ বাবে চলোৱা প্ৰচেষ্টাত সংবাদ মাধ্যমে একপ্ৰকাৰ নেতিবাচক ভূমিকা গ্ৰহণ কৰিলে৷ মামণি ৰয়ছম গোস্বামীৰ নেতৃত্বত বিদ্ৰোহী সংগঠন আলফাই গঠন কৰি দিয়া পি চি জি গ্ৰুপ ব্যৰ্থ হোৱাৰ পাছত ড॰ হীৰেন গোহাঁইৰ নেতৃত্বত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি শান্তি প্ৰক্ৰিয়াক আগুৱাই নিবলৈ পুনৰ উদ্যোগ লোৱা হৈছিল৷ এই উদ্যোগক গঠনমূলক সমালোচনাৰে আদৰণি জনোৱাৰ পৰিৱৰ্তে একাংশ সাংবাদিকে পৰোক্ষভাৱে কু-সমালোচনা কৰি বিপথে পৰিচালিত কৰিলে৷ এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰী গ্ৰেপ্তাৰ হোৱাৰ পাছত একে ভূমিকা গ্ৰহণ কৰিছিল অসমৰ একাংশ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমে৷দৈমাৰীক লৈ প্ৰৰোচিত তথা উত্তেজিতমূলক বাতৰি পৰিৱেশন কৰি এক অপ্ৰয়োজনীয় আস্ফালন কৰা হ’ল৷ দৈমাৰীৰ বিৰুদ্ধে যিমানবোৰ কুৎসা-ৰটনা কৰা হ’ল; অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেনেধৰণৰ কোনো প্ৰৰোচনামূলক বাতৰি পৰিৱেশন কৰা হোৱা নাছিল৷ অথচ আলফা আৰু এন ডি এফ বিৰ লক্ষ্য, উদ্দেশ্যৰ মাজত কোনো তফাৎ নাই৷ নিজৰ উদ্দেশ্য আগত ৰাখি দুয়োটা সংগঠনে বোমা ফুটাই নিৰীহ লোকক হত্যা কৰিছিল৷

ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত অসমৰ একাংশ বাতৰিকাকত আৰু টি-ভি চেনেলে প্ৰৰোচনামূলক বাতৰি পৰিৱেশন কৰি যি ভূমিকা গ্ৰহণ কৰিলে, সেই বাতৰিয়ে সাম্প্ৰদায়িকতা তথা জাতপাত বিদ্বেষত ইন্ধনহে যোগালে; ‘অসমীয়া’ নামেৰে বান্ধ খাই থকা জৰীডালৰ আৰু এডোখৰত ঘূণে ধৰাত সহায় কৰিলে৷

ইয়াৰ পাছতো এনেধৰণৰ বহু ঘটনা ঘটিল৷ কেৱল একপক্ষ আৰু প্ৰৰোচিতভাৱে বাতৰি পৰিৱেশন কৰি শিক্ষকক আত্মহত্যা কৰিবলৈও বাধ্য কৰাইছে এইখন ৰাজ্যৰ সংবাদ মাধ্যমে৷ শিক্ষামন্ত্ৰীয়ে [তেতিয়াৰ] ভাল ফল দেখুৱাব নোৱৰা স্কুলবিলাকৰ প্ৰধান শিক্ষকসকলক মাতি আনি অপমান কৰা কাৰ্যক পোনপটীয়া সম্প্ৰচাৰ কৰি সংবাদ মাধ্যমে নিজৰ দায়িত্বৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছিল৷ বিজেপি নেতৃত্বাধীন চৰকাৰখন ৰাজ্যৰ শাসনৰলৈ অহাৰ পাছত দেশৰ আন ঠাইৰ লগতে অসমতো আৰম্ভ হ’ল সাম্প্ৰায়িক সংঘাত৷ মুছলমান মানেই বাংলাদেশী সজাবলৈ চেষ্টা কৰা গোড়া হিন্দু সংগঠনৰ লেজুত ধৰি অসমৰ একাংশ সংবাদ মাধ্যমে তাকে বাট বুলিবলৈ ল’লে৷ উচ্ছেদক লৈ অসমৰ একাংশ সংবাদ মাধ্যমে ‘খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ ডাং মাৰে’ ভূমিকা গ্ৰহণ কৰিলে৷

নামনি অসমৰ মুছলমান মানেই এতিয়া সন্দেহজনক নাগৰিক– এই মনোভাব হিন্দুত্বৰ মানসিকতাৰে লালিত-পালিত হোৱা লোকসকলৰ লগতে একাংশ সংবাদ মাধ্যমৰো মানসিকতা৷ অথচ সেই মানুহখিনিক কোনেও ‘সন্দেহজনক নাগৰিক’ বুলি তথ্যসহকাৰে প্ৰমাণ কৰিব নোৱাৰে৷

আজিৰ পৰা কেইবছৰমান আগেয়ে দিল্লীৰ এখন সভাত আৰ্ছাদ মাদানীয়ে যি মন্তব্য দিলে, সেই মন্তব্যৰ বাবে বলিপঠা সজোৱা হ’ল ড॰ হীৰেন গোহাঁইক৷ একাংশ সংবাদ মাধ্যমে ড॰ গোহাঁইক এনেদৰে অপদস্থ কৰিলে– যেন ড॰ গোহাঁইহে গোটেই ঘটনাৰ মূল নায়ক৷ অথচ সেইখন সভাত কুলদীপ নায়াৰ, য়োগেন্দ্ৰ যাদৱ, সীতাৰাম য়েচুৰিৰ দৰে বিশিষ্ট ব্যক্তি উপস্থিত আছিল– যিসকলৰ দৰে ড॰ হীৰেন গোহাঁইও নিমন্ত্ৰিত হৈছিল৷ কিন্তু গোটেই ঘটনাটোৰ কাৰণে সংবাদ মাধ্যমে দোষী সজালে ড॰ গোহাঁইক৷ আৰ্ছাদ মাদানীৰ মন্তব্যক যদি দেশদ্ৰোহৰ শাৰীত ৰখা হয়; মৃণাল শইকীয়া, শিলাদিত্য দেব, সত্যৰঞ্জন বৰাৰ সম্প্ৰদায়িক মন্তব্যবোৰক কি বুলি ক’ব লাগিব? বাৰে বাৰে সম্প্ৰদায়িক মন্তব্য দি থকা এইকেইজন নেতাৰ ক্ষেত্ৰত চৰকাৰো নীৰৱ আৰু সংবাদ মাধ্যমেও বাতৰিটো দিয়ে দায় সাৰিলে৷

আমি আৰ্ছাদ মাদানীকো যেনেদৰে সমৰ্থন নকৰোঁ, জাকিৰ নায়েক, নূপুৰ শৰ্মা, ছলমান চিস্তি, মহুৱা মৈত্ৰ, মৃণাল শইকীয়া, শিলাদিত্য দেব, সত্যৰঞ্জন বৰাৰ দৰে সম্প্ৰদায়িক মন্তব্য কৰা লোককো সমৰ্থন নকৰোঁ৷ এইসকল প্ৰত্যেকে সমাজৰ বিষবাষ্প৷ আমচাঙৰ উচ্ছেদক বিৰোধিতা কৰিও কওঁ– আমচাঙৰ উচ্ছেদক লৈ সাংবাদ মাধ্যমে যিমান তালফাল লগালে, ছিপাঝাৰৰ মুছলমান সম্প্ৰদায়ৰ গাঁৱত উচ্ছেদ চলাওঁতে বাতৰি পৰিৱেশনত কোনোধৰণৰ উল্লেখযোগ্য ভূমিকা নল’লে৷ বৰঞ্চ সেইখিনি মানুহক একাংশ সংগঠনৰ দৰে সংবাদ মাধ্যমেও ‘সন্দেহজনক নাগৰিক’ বুলিহে প্ৰচাৰ চলালে৷ বান, খহনীয়াত সৰ্বস্ব হেৰুৱাই আমচাঙত বসতি কৰা লোকসকলৰ দৰে ছিপাঝাৰত থিতাপি লোৱা মানুহখিনিও বান, খহনীয়াত সৰ্বস্ব হেৰুওৱা লোক৷মাটি কিনি বসবাস কৰিবলৈ লোৱা সেই মানুহখিনিক সজোৱা হ’ল সন্দেহজনক নাগৰিক৷ ইয়াৰ অৰ্থ এইটো নেকি– একাংশ সংবাদ মাধ্যমে এটা ধৰ্মীয় সম্প্ৰদায়ক পৰোক্ষভাৱে পোষকতা কৰি মেৰু বিভাজন ঘটাব বিচাৰিছে?

সম্প্ৰতি একাংশ সাংবাদিক তথা বুদ্ধিজীৱীয়ে এনেকুৱা এক ভূমিকা গ্ৰহণ কৰিছে, যিটো দেশৰ বাবে শুভলক্ষণ নহয়৷ এইসকলৰ কোনো কোনো এনে এটা পৰ্যায় পাছেগৈ– যি বঁটা-বাহৰ আশাত মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্‌ছেকো সমৰ্থন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ এনে হ’বলৈ পাইছে ৰাজনৈতিক দল তথা নেতাৰ পৰা অহা লোভনীয় টোপ৷ এই টোপ গিলিবলৈ গৈ এই শ্ৰেণী লোকে নিজৰ সন্মানকো জলাঞ্জলি দিছে আৰু সংবাদ জগতখনকো কলুষিত কৰিছে৷ গণতন্ত্ৰৰ প্ৰহৰীয়েই যদি খলনায়কৰ ভূমিকা লয়, তেনেহ’লে জনগণে কাৰ ওপৰত নিৰ্ভৰ কৰিব? গান্ধাৰীৰ ভাও লৈ ৰাজনীতি কৰা নেতাবোৰৰ ওপৰত!
                                                                                     লেখক এগৰাকী নিৱন্ধকাৰ