ফুটবল অনুৰাগীৰ ৰাজ্য মেঘালয়ত পতংগয়ো ফুটবলৰ সৈতে সম্পৰ্ক ৰাখে! শুনাত অবিশ্বাস্য যেন লাগিলেও এনেকুৱা এটা ৰহস্যময় ঘটনাৰ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে বিশ্বকাপ ফুটবলৰ সময়ত সাক্ষী হৈ আহিছে মেঘালয়বাসী। চাৰি বছৰৰ মূৰে মূৰে ফিফা বিশ্বকাপৰ সময়ত যেতিয়া মেঘালয় সাজু হয় ফুটবল জ্বৰত আক্ৰান্ত হ’বৰ বাবে, এই পতংগবিধেও তাত নতুন মাত্ৰা যোগ দিয়ে। আৰু এয়া যোৱা পাঁচটা দশক ধৰি অলপো ব্যতিক্ৰম নোহোৱাকৈ দেখা পোৱা গৈছে।
যোৱা কেইবা দশক ধৰি এই আশ্চৰ্য্যকৰ ঘটনাটো ঘটি আহিছে ৰাজ্যখনৰ ৰি-ভয় জিলাত। প্ৰতিবাৰৰ ফিফা বিশ্বকাপৰ প্ৰায় দুমাহৰ আগে আগে এবিধ ‘ৰহস্যময়’ পতংগ জোপোহাবোৰত দেখা যায়। ঝিলিৰ দৰে তীক্ষ্ণ চিঞৰৰ দ্বাৰা নিজৰ উপস্থিতিৰ গম দিয়ে পতংগবিধে। লগতে মেঘালয়বাসীক সোঁৱৰাই দিয়ে ফিফা বিশ্বকাপৰ আগমনৰ কথা। এই বৈশিষ্ট্যৰ বাবেই জনজাতীয় গাওঁবাসীয়ে এই পতংগবিধৰ নাম দিছে নিয়াং ৱ’ৰ্ল্ডকাপ (নিয়াং মানে খাচি ভাষাত পতংগ)।
“ক’ৰ পৰানো পতংগবিধ আহে আৰু বিশ্বকাপ শেষ হোৱাৰ পিছত আৰু চাৰি বছৰৰ বাবে ক’তনো হেৰাই যায় আমি নাজানো।” উমলিং গাৱঁৰ ৰোচন বিৰজু নামৰ এজন লোকে নৰ্থ-ইষ্ট নাওক কয়।
জনজাতীয় গাওঁবাসীয়ে এই পতংগবিধৰ আৱিৰ্ভাৱতেই গম পাই যায় যে বিশ্বকাপ ফুটবল আহিল। যোৱা চাৰি-পাঁচটা দশক তেওঁলোকে বিস্ময়েৰে এই বিৰল ঘটনাটোৰ সাক্ষী হৈ আহিছে।
“এই পতংগবিধ বিশ্বকাপৰ আগে আগে বাৰে বাৰে আমাৰ গাৱঁলৈ ক’ৰ পৰা আহে আমি নাজানো।” গাওঁখনৰ ইকা নংগলিং নামৰ এগৰাকী জনজাতীয় মহিলাই কয়।
দেখাত পতংগবিধক ঝিলিৰ এটা উপজাতি যেন লগা, যাক Chremistica. Entomologist বুলি কোৱা হয়, পতংগবিধক Chremistica Ribhoi বুলি চিনাক্ত কৰা হৈছে। ৰিভয় অংশটো লগোৱা হৈছে পতংগবিধ ৰিভয় জিলাত আৱিষ্কৃত বাবে।
পতংগবিধৰ বৈশিষ্ট্য হ’ল ইহঁতে গছৰ ধোন্দত বাহ লয়। তাত কণী পাৰি পোৱালি জগোৱাৰ পিছত পোৱালিবোৰ মাটিৰ তললৈ সোমাই যায়। তাত গছজোপাৰ শিপাৰ ৰস খাই জীয়াই থাকে আৰু চাৰি বছৰৰ পিছত ওলাই আহে। শুনামতে, পাখি গজাৰ আগতে ই চাৰিবাৰ মোট সলায়।
চাৰি বছৰৰ পিছত বিশ্বকাপৰ সময়তে এই পতংগবিধ ক’ৰ পৰা ওলাইহি কোনেও নাজানে। পতংগবিধৰ জনজাতীয় আচল নামটো হ’ল নিয়াংটাছেৰ। পিছত ইয়াক মেঘালয়ৰ ফুটবল বলিয়া অনুৰাগীসকলৰ দ্বাৰা নিয়াং ৱ’ৰ্ল্ডকাপ বুলি পুনৰ নামকৰণ কৰা হয়।
জানিব পৰামতে, পতংগবিধ উচ্চ প্ৰ’টিনযুক্ত আৰু পাখি গজাৰ পিছত ইহঁতক কেঁচাই কেঁচাই খোৱা হয়। গাঁৱৰ জনজাতীয় লোকসকলৰ মাজত ইয়াৰ বিৰাট চাহিদা আছে। গাৱঁৰ বজাৰত ইয়াৰ দাম প্ৰতি কেজিত ৪০০ টকা পৰ্য্যন্ত হয়। জনজাতীয় লোকসকলে ইয়াক তেলত ভাজি তৃপ্তিৰে খায়।
মন কৰিব লগীয়া যে ৰিভয় জিলাৰ জনজাতীয় লোকসকলে এই পতংগবিধৰ নামত ১৯৯৮ চনৰ পৰা নিয়া বিশ্বকাপ উৎসৱ উদযাপন কৰি আহিছে। ইয়াৰ প্ৰথম সংস্কৰণ পতা হৈছিল ৰিভয় জিলাৰ সদৰ নংপহৰ ছেইডেন গাৱঁত। এই উৎসৱত, অৰ্থাৎ নিয়াং বিশ্বকাপত স্থানীয় গাওঁবিলাকৰ মাজত বহুকেইখন ফুটবল খেল অনুষ্ঠিত হয়।
আনহাতে নিয়াং ৱ’ৰ্ল্ডকাপ বিচাৰি বজাৰলৈ প্ৰতিদিনে গাওঁবাসীয়ে ঢাপলি মেলে। ল’ৰা-বুঢ়া সকলোৱে যি পাৰে সংগ্ৰহ কৰে।
এইবাৰো ৰাছিয়াত অহা ১৪ জুনৰ পৰা হ’ব লগীয়া ফিফা বিশ্বকাপ আৰম্ভ হ’ব। এইবাৰো নিয়ম ৰক্ষা কৰি পতংগবিধৰ আগমন ঘটিল। আৰু একেদৰেই মেঘালয়ৰ বিভিন্ন জিলাৰ পৰা ৰিভয় জিলাৰ উক্ত গাওঁখনৰ বজাৰলৈ ঢাপলি মেলিছে নিয়াং ৱ’ৰ্ল্ডকাপ নামৰ এই পতংগবিধ সংগ্ৰহ কৰিবলৈ।
“আমি এই সুযোগ হেৰুৱাব খোজা নাই। অন্যথা ইয়াৰ সোৱাদ ল’বলৈ চাৰি বছৰ ৰৈ থাকিব লাগিব।” এইবৰ লিংডো নামৰ নেহু বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই কয়।