• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

সম্প্ৰদায় ভিত্তিক ৰাজনীতি বন্ধ হ’ব লাগে : মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 4:13 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত বিভিন্নটা সম্প্ৰদায়ৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক আৰু তাৰ ফলত সৃষ্ট জটিল পৰিস্থিতিৰ অৱসান বিচাৰিলে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে। ১১ ডিচেম্বৰত চুৰাচন্দপুৰত কুকি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে ইয়াৰ বাবে আহ্বান জনাইছে। তেওঁ নিজৰ ভাষণত কয়, ‘অতীতত কৰি অহা ভুলবোৰ পাহৰি আমি সকলোৱে একতা আৰু সমিলমিলেৰে কাম কৰি যাব লাগিব ৰাজ্য আৰু দেশৰ উন্নতিৰ বাবে।’ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মণিপুৰৰ ৰাজনীতিত সম্প্ৰদায় ভিত্তিত নেতা নিৰ্বাচিত হৈ আহিছে আৰু এই বিষয়টোত মণিপুৰৰ জনসাধাৰণে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। মুখ্য মন্ত্ৰীজনে কয় যে সম্প্ৰদায় ভিত্তিক ৰাজনীতি বন্ধ কৰিব লাগে আৰু ই আমাৰ মাজত বিভাজন আনে। কথাৰ প্ৰসংগত বীৰেন সিঙে সকলোকে উদ্দ্যেশি কোনো সম্প্ৰদায়ৰ মাজত ভেদাভেদ নাৰাখি সমূহীয়াকৈ কঠোৰ পৰিশ্ৰমৰ মাজেৰে শিশু আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যৎ উন্নতি সাধন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ কয় যে এনে পৰিপ্ৰেক্ষিতত সকলোৱে মিলি এটা নতুন পৰিবেশৰ সূচনা কৰিব লাগিব য’ত সকলোৱে ভয়হীনভাৱে শান্তি আৰু সম্প্ৰীতিৰ মাজেৰে জীয়াই থাকিব পাৰিব।

তদুপৰি চৰকাৰৰ আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়াই মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে খুব খৰ গতিৰে ৰাজ্যৰ বাট-পথ সমূহৰ মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ বিকাশৰ ওপৰতো অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। ইয়াৰ ওপৰি তেওঁ চিকিৎসা বিদ্যালয় এখন স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে। আনহাতে তেওঁ চুৰাচন্দৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰি কয় যে বৰ্তমান শিক্ষা ব্যৱস্থাটো এক চিন্তাৰ বিষয় হৈ পৰিছে আৰু সকলোৱে সমূহীয়া প্ৰচেষ্টাৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই নিব লাগিব। তেতিয়াহে চুৰাচন্দৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ হোৱাত সহায়ক হ’ব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।

Apply Now

কালিৰ অনুষ্ঠানটোত মুখ্য মন্ত্ৰীজনৰ সৈতে মণিপুৰ চৰকাৰৰ কৃষি মন্ত্ৰী  ভি হাংখানলিয়ান, সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন, পুনৰ নৱীকৰণযোগ্য শক্তি বিকাশ প্ৰাধিকৰণৰ সভাপতি জি এছ হাওপো আৰু পৰ্বতীয়া এলেকা কমিটীৰ সভাপতি টি টি হাওকিপ উপস্থিত আছিল বুলি জানিব পৰা গৈছে। সভাত মুখ্য মন্ত্ৰীজনে কুকি ছাত্ৰ সংগঠন চমুকৈ কে এছ অ’ ক প্ৰশংসা কৰি কয় যে এই সংগঠনটোৱে বৰ্তমান ৫০ টা বছৰ অতিক্ৰম কৰি প্ৰশংসনীয় কাম কৰিছে। ভৱিষ্যতে আৰু অধিক উন্নত প্ৰদৰ্শন তথা সমাজলৈ ব্যাপক অৰিহণা আগবঢ়াই এক উদাহৰণ হৈ পৰিব বুলি মণিপুৰৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।

নিজৰ বক্তব্যত তেওঁ নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ বিষয়েও কিছু কথা মত আগ বঢায়। মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি এই চুক্তি স্বাক্ষৰিত কৰা হ’ব বুলি মণিপুৰবাসীক আশ্বাস প্ৰদান কৰে। বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে মণিপুৰবাসীৰ সন্মতি অবিহনে কেন্দ্ৰই এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd