DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ অনন্য নিদৰ্শন : নলবাৰীৰ মুকালমুৱাত হিন্দু লোকৰ মৃতদেহ সৎকাৰ মুছলমান যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 9:26 am
MukalMua
154
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত একাংশ ৰাজনীতিবিদ তথা সমাজৰ কিছু নীচ মানসিকতাৰ ব্যক্তিয়ে সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ পৰিৱেশ অশান্ত কৰি তোলাৰ আপ্ৰাণ চেষ্টা চলাই থকাৰ সময়তে এইখন অসমতে দেখা গৈছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত শনি ৰ’ডত এগৰাকী বিহাৰী হিন্দু সম্প্রদায়ৰ লোকৰ মৃত্যু হোৱাত লোকজনৰ মৃতদেহ সৎকাৰ কাৰ্যত সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়ৰ কেইজন মান যুৱক।

প্রাপ্ত তথ্য মতে, মুকালমুৱা শনি ৰ’ড চ’কত বিগত ১৫ বছৰ ধৰি সঞ্জয় ঠাকুৰ নামৰ লোকজনে চুলি কাটি জীৱিকা নির্বাহ কৰি আহিছিল৷ শণিবাৰে সন্ধিয়া প্রায় সাত মান বজাত হঠাৎ অসুস্থ হৈ পৰাত আকষ্মিক মৃত্যুক আকোৱালি ল’বলগীয়া হয়৷ ইয়াৰ পাছতে ঠাকুৰৰ পত্নী আৰু সন্তানে অন্ত্যেষ্টিক্রিয়াৰ বাবে ওচৰ চুবুৰীয়া তথা কোনো আত্মীয় বিচাৰি নাপাই হাহাকাৰ কৰিব লগা অৱস্থা হয়৷

ঘটনাৰ খবৰ পাই নলবাৰী জিলা আমছুৰ সাধাৰণ সম্পাদক মহিদুল ইছলাম আৰু প্রচাৰ সম্পাদক আমজাদ আলীসহ মুছলিম সম্প্রদায়ৰ এটা যুৱকৰ দল দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত সহায়ৰ বাবে উপস্থিত হয়৷ মৃত লোকজনৰ সৎকাৰৰ বাবে তেওঁলোকে সকলো বয়-বস্তু যোগাৰ কৰি স্থানীয় কেইজন মান হিন্দু যুৱকৰ সৈতে মিলি নিশা ১২বজাত ব্রহ্মপুত্র নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে৷

উল্লেখ্য যে আমছুৰ সদস্য তথা মুছলমান যুৱককেইজনে কোনো নিকট আত্মীয়হীন বিহাৰী পৰিয়ালটোৰ মুৰব্বীজনৰ মৃতদেহ সৎকাৰত সহায় সহযোগিতা আগবঢ়োৱা কাৰ্যত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে বাৰুকৈয়ে শলাগ লৈছে৷

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd