• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

সাম্প্ৰদায়িক শক্তিক ৰোধ কৰিবলৈ নাগালেণ্ডত হাত মিলালে নাগা পীপলছ ফ্ৰণ্ট আৰু কংগ্ৰেছে

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , May 21, 2018 9:55 pm

2 min read

K-Therie
82
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডক সাম্প্ৰদায়িক শক্তিৰ পৰা বচাবলৈ সকলো ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক শক্তিক এক হোৱাৰ আহ্বান জনাই আজি ৰাজ্যখনৰ বিৰোধী দল এন পি এফ (নাগা পীপলছ ফ্ৰণ্ট) আৰু কংগ্ৰেছে হাত মিলাইছে। অহা ২৮ মে’ত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যখনৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে এই দুয়োটা দলে উমৈহতীয়া যুঁজ দিব বুলি ঘোষণা কৰে।

আজি এন পি এফ দলৰ প্ৰাৰ্থী এপক জমিৰৰ সৈতে একেলগে উপস্থিত থকা এখন সভাত নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে থেৰিয়ে কয় যে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ বাবে সহমতত উপনীত হোৱাৰ পিছত এন পি এফে ইতিমধ্যে এপক জমিৰক তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে। ফেক জিলাত হোৱা এই সভাখনত এন পি এফ দলৰ আন কেইবাজনো নেতাও উপস্থিত আছিল।

আনহাতে এন পি এফ দলৰ মুখ্য কাৰ্য্যালয়ৰ পৰা প্ৰচাৰিত এখন বিজ্ঞপ্তিত কোৱা হৈছে যে থেৰিয়ে সকলো ধৰ্ম নিৰপেক্ষ দলক সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একেলগে থিয় হ’বলৈ আহ্বান জনাইছে।

সভাখনত এপকে কয় যে তেওঁ দলৰ প্ৰত্যাশা পূৰ কৰিব পাৰিব বুলি আত্মবিশ্বাসী।

নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজনে কয়, “বিজেপি কেতিয়াও নাগাসকলৰ ৰাজনৈতিক দল নাছিল। কিন্তু এতিয়া হিন্দুত্বই নাগা যুৱচামৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।” তেওঁ আন সকলো ৰাজনৈতিক প্ৰভেদ আওকাণ কৰি, ধৰ্ম নিৰপেক্ষ দলবোৰ একগোট হ’ব লাগে, যাতে ৰাজ্যখনত হিন্দুত্বৰ আৰোপণক আঁতৰাই ৰাখিব পাৰি।

মন কৰিব লগীয়া যে প্ৰাক্তন মুখ্য মন্ত্ৰীৰ টি আৰ জেলিয়াঙৰ নেতৃত্বৰ আগৰখন চৰকাৰৰ সময়ত দলটোৱে কংগ্ৰেছ দলৰ ১১ জন বিধায়কক নিজ দলৰ সৈতে চামিল কৰি পেলাইছিল আৰু ৰাজ্যখনত বিৰোধী নোহোৱা কৰিছিল।

থেৰিয়ে নাগাসকলক বিজেপি আৰু আৰ এছ এছক পাতল ধৰণে নল’বলৈ সকীয়া দিয়ে। লগতে তেওঁ কয় যে বিজেপি-আৰ এছ এছৰ দৰে মিত্ৰ দল এন ডি পি পিও একে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd