• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুকীয়া ৰাজ্য সৃষ্টিৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰৰ : ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 2:52 pm
স্বায়ত্ত শাসিত ৰাজ্য
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে স্বায়ত্ত শাসিত ৰাজ্যৰ সৃষ্টিৰ কোনো সম্ভাৱনা নাই বুলি কৰা ঘোষণাক কাৰ্বি আলঙৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি (Autonomous State Demand Committee) গৰিহণা দিছে।

সংগঠনটোৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এ এছ ডি চিৰ সাধাৰণ সম্পাদক ডেনিয়েল টেৰনে কয় যে ভাৰতৰ সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি স্বায়ত্ত শাসিত ৰাজ্য কাৰ্বি আংলং আৰু ডিমাহাচাওৰ জনসাধাৰণৰ সাংবিধানিক অধিকাৰ। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে প্ৰশ্নৰ উত্তৰস্বৰূপে মন্ত্ৰী ৰিজিজুৱে এই বিবৃতি আগবঢ়াইছিল।

Apply Now

সংবাদমেলত সংগঠনটোৰ নেতা গৰাকীয়ে কয় যে, ‘কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শেহতীয়া নিৰ্বাচনত বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত নিৰ্বাচনত জয়ী হ’লে সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদ কাৰ্যকৰী কৰাৰ স্পষ্ট প্ৰতিশ্ৰুতি দিছিল। সংসদীয় নিৰ্বাচনত কাৰ্বি আংলং ভ্ৰমণ কৰি সেই সময়ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ২০১৪ চনৰ এপ্ৰিলত ২৪৪ (ক) অনুচ্ছেদৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।’

ৰিজিজুৰ বিবৃতিক কঠোৰভাৱে গৰিহণা দি টেৰনে কয় যে, ‘তেওঁলোকৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ সমূহ বিলুপ্ত কৰি আৰু এতিয়া ২৪৪ (ক) পৰিত্যাগ কৰি অসমৰ পৰ্বতীয়া জনজাতীয় সম্প্ৰদায় সমূহক ধ্বংস কৰাৰ অপচেষ্টা কৰা সংঘ পৰিয়াল আৰু চৰকাৰৰ প্ৰতিফলন মন্ত্ৰী গৰাকীৰ এই বিবৃতি।’

টেৰনে কয় যে স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ এ এছ ডি চিয়ে প্ৰত্যাহ্বান জনাইছে। দলটোৱে লগতে অভিযোগ তোলে যে স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপিৰ শেহতীয়া কাৰ্যকলাপ এক ৰাজনৈতিক চমক আৰু জনসাধাৰণক মুৰ্খ সজাবৰ বাবে টোকা চকুপানীৰ বাহিৰে অইন একো নহয়।

মন্ত্ৰী গৰাকীৰ বক্তব্যই স্বায়ত্ত শাসিত ৰাজ্যৰ বাবে এ এছ ডি চিৰ সংগ্ৰামক শক্তিশালীহে কৰিব বুলি দাবী কৰি টেৰনে লগতে পথভ্ৰষ্ট বিজেপি সমৰ্থক সকলক আঞ্চলিক দলটোত যোগ দিয়াৰ বাবে আহ্বান জনায়।

 

এইচ এছ  ডি চিৰ প্ৰতিক্ৰিয়া

আনহাতে প্ৰাক্তন সাংসদ তথা বামপন্থী নেতা ডাঃ জয়ন্ত ৰংপিৰ বাসগৃহত পাৰ্বত্য ৰাজ্য দাবী সমিতিয়ে আয়োজন কৰা অন্য এখন সংবাদমেলত এইচ এছ ডি চি(Hill State Demand Committee)ৰ সাধাৰণ সম্পাদক লাইছান ইংলেঙে কয় যে তেওঁলোকৰ দলে মন্ত্ৰী ৰিজিজুৰ বক্তব্যৰ গৰিহণা দিছে।

ইংলেঙে কয় যে, ‘কিৰেন ৰিজিজুৱে কৈছে যে সমগ্ৰ ভাৰততে নতুন ৰাজ্য ঘোষণাৰ কোনো কাৰ্যসূচী নাই। এইটো অতি দুৰ্ভাগ্যজনক আৰু আমি ইয়াক গৰিহণা দিছো। ই অসাংবিধানিক। বিজেপিয়ে ইয়াক লৈ ধাৰাবাহিকভাৱে প্ৰতিশ্ৰুতি দি আহিছিল আৰু স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ই আনকি তেওঁলোকৰ প্ৰথম নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। এতিয়া জনসাধাৰণৰ সন্মুখত এই কথা প্ৰমাণ হৈ গ’ল যে তেওঁলোকৰ প্ৰতিশ্ৰুতি ভুৱা আছিল। গতিকে ৰাইজে এতিয়া পাৰ্বত্য ৰাজ্য/স্বায়ত্ত শাসিত ৰাজ্যৰ বাবে সংগ্ৰাম কৰিব লাগিব। মই বিজেপিৰ সকলো সমৰ্থককে সুকীয়া ৰাজ্য দাবী সংগ্ৰামৰ বাবে আমাৰ দলত যোগ দিবলৈ আহ্বান জনালো।’

একে ধৰণৰ মন্তব্য কৰি এইচ এছ ডি চিৰ সভাপতি ড০ মনবে ৰংপিয়ে কয় যে, ‘স্বায়ত্ত শাসিত ৰাজ্য সৃষ্টি সন্দৰ্ভত বিজেপিৰ স্থিতি সম্পূৰ্ণৰূপে উন্মোচিত হ’ল। তেওঁলোকৰ নিজৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কেন্দ্ৰীয় চৰকাৰ নতুন ৰাজ্য সৃষ্টিৰ বিৰুদ্ধে বুলি ঘোষণা কৰাৰ পিছত এতিয়া জিলাৰ বিজেপি নেতা সকলে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰক।’

 

জাকাচৰ প্ৰতিক্ৰিয়া

একেটা বিষয় সন্দৰ্ভত স্বায়ত্ত শাসিত ৰাজ্যৰ যুটীয়া কৰ্ম সমিতি (Joint Action Committee for Autonomous State)য়ে দিয়া এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে মন্ত্ৰী গৰাকীৰ বক্তব্যই পাহাৰৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক অগ্ৰাহ্য কৰিছে। যিহেতু স্বায়ত্ত শাসিত ৰাজ্য কাৰ্যকৰী কৰাতো বিজেপিৰ এটা প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেয়ে এতিয়া বিজেপিৰ জিলা, ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd