DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেউজ ন্যায়াধীকৰণৰ গেছ ক্ৰেকাৰ বন্ধ কৰাৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 7:45 am
সেউজ ন্যায়াধীকৰণৰ গেছ ক্ৰেকাৰ বন্ধ কৰাৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
163
VIEWS
Share on FacebookShare on Twitter

গেছ ক্ৰেকাৰ প্ৰকল্পৰ ব্যাপক প্ৰদূষণ সম্পৰ্কত সেউজ ন্যায়াধীকৰণত তৰা এক গোচৰৰ ভিত্তিত ন্যায়াধীকৰণে প্ৰকল্পটো বন্ধ কৰিবলৈ দিয়া নিৰ্দেশে গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ ভৱিষ্যতকলৈ অনিশ্চয়তা আহি পৰিছে। অৱশ্যে, কালি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশটোত স্থগিতাদেশ জাৰি কৰিছে। অসম চুক্তিৰ আধাৰত অসমত স্থাপন হোৱা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড (বি চি পি এল) বন্ধৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশটোৱে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ ব্যাপক প্ৰদূষণক লৈ ছৈখোৱা- শদিয়া মীন সমবায় সমিতি আৰু ডিব্ৰুগড় ফিচাৰী কো-অপাৰেটিভ ছ’চাইটি লিমিটেডে সেউজ ন্যায়াধীকৰণত দুখন আবেদন জনাইছিল। উক্ত আবেদনত সমবায় সমিতি দুখনে অভিযোগ কৰিছিল যে গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ পৰা নিস্কাষিত ৰাসায়নিক পদাৰ্থ পোনপটীয়াকৈ ব্ৰহ্মপুত্ৰত পৰাৰ ফলত নৈখনৰ পানী প্ৰদূষিত হৈ পৰিছে।

প্ৰদূষণ সংক্ৰান্তীয় এই বিষয়টোত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকে ধৰি সংশ্লিষ্ট বিভিন্ন চৰকাৰী পক্ষই সেউজ ন্যায়াধীকৰণত নিজৰ নিজৰ বক্তৱ্য দাঙি ধৰিছিল। কিন্তু এইক্ষেত্ৰত শুনানিত উপস্থিত থাকিবলৈ জাননী লাভ কৰাৰ পিছতো বিচিপিএল কৰ্তৃপক্ষই কোনো সঁহাৰি নিদিলে। বিচিপিএলৰ এনে উদাসীনতাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ক্ষুব্ধ হৈ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত গেছ ক্ৰেকাৰ প্ৰকল্পটো বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কঠোৰ নিৰ্দেশৰ পিছত উপায়ন্তৰ হৈ বিচিপিএল কৰ্তৃপক্ষই ন্যায়াধীকৰণৰ উক্ত নিৰ্দেশটো বিবেচনা কৰিবলৈ এখন আবেদন দাখিল কৰে। ন্যায়াধীকৰণে তেওঁলোকৰ আবেদনৰ শুনানিৰ দিন অহা ১৬ জানুৱাৰী ধাৰ্য কৰিছে।

ইপিনে, ইয়াৰ মাজতে বিচিপিএল কৰ্তৃপক্ষই ন্যায়াধীকৰণৰ উক্ত নিৰ্দেশৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন লেখ আবেদন দাখিল কৰিছিল। বুধবাৰে এই আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৃষিকেশ ৰয়ৰ এজনীয়া বিচাৰপীঠে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ উক্ত ৰায়টোত স্থগিতাদেশ জাৰি কৰে।

উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ সময় দি কেন্দ্ৰ, ৰাজ্য চৰকাৰ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকে ধৰি সংশ্লিষ্ট চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি তেওঁলোকৰ স্থিতি জনাবলৈ নিৰ্দেশ দিয়ে।

 

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd