স্বাধীনতাৰ সত্তৰ বছৰ পিছতো বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত বঙাইগাঁৱৰ শৌলমাৰীবাসীৰ

শৌলমাৰী

কংগ্ৰেছে হওক বা বিজেপিয়ে হওক প্ৰতিটো দলেই নিৰ্বাচনৰ আগতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।  কিন্তু প্ৰকৃতাৰ্থত সেই প্ৰতিশ্ৰুতি কেতিয়াওঁ প্ৰতিফলিত নহয় তাৰেই এক বাস্তৱ নিদৰ্শন শৌলমাৰী গাঁও।

ফলত বৰ্তমান বিজেপি চৰকাৰে এডভাণ্টেজ আছামৰ কথা কোৱাৰ দিনতে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ (বিধায়কঃ আব্দুল হাই নাগৰী) তথা সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ সোঁমাজেৰে বৈ যোৱা পোকালাগী নদীত প্ৰতি বছৰে স্থানীয় ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি আহিছে প্ৰায় ২০০ মিটাৰ বাহৰ দলং।

স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো এখন কাঠৰ দলঙো গঢ়ি নুঠিল এই নদীত। এখন উপযুক্ত দলঙৰ অভাৱৰ বাবে নদীখন দুয়ো পাৰৰ জনসাধাৰণৰ মাজত যোগাযোগত ব্যাঘাত জন্মিছে।

আনকি স্থানীয় ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে প্ৰায় ৪০-৫০ খন গাঁৱৰ লগতে ৭-৮ খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰতিদিনে পাৰাপাৰ হ’বলগীয়া হয়।

ইফালে বাৰিষা বানপানীয়ে বাঁহৰ সাঁকো ভাঙি পেলোৱাত সেই সময়ত জমৰ যাতনা ভুগিব লগা হয় সকলো ৰাইজে। জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰীয়ে।
লগতে নদীখনৰ সিপাৰত আছে এখন সাপ্তাহিক বজাৰ। যাৰ ফলত স্থানীয় ৰাইজৰ বজাৰলৈ যোৱাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাত ভূগিব লগা হয়।

উল্লেখযোগ্য যে স্থানীয় বিধায়ক আব্দুল হাই নাগৰিকক স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই। গতিকে এতিয়া সমগ্ৰ ৰাইজে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বি জে পি চৰকাৰক এই পোকালাগী নদীৰ ওপৰত এখন দলঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।