স্বাস্থ্য হৈ পৰিছে এবিধ লাভজনক সামগ্ৰীঃ অধ্যাপক এম জে দত্ত

নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ অধ্যাপক মোহন জে দত্তই ভাষণ দিয়াৰ এটি মুহূৰ্ত

বুধবাৰে গুৱাহাটীত নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ অধ্যাপক মোহন জে দত্তই মত প্ৰকাশ কৰে যে এক ব্যক্তিগত অধিকাৰ হিচাপে স্বাস্থ্যৰ মৰ্যাদা ক্ৰমান্বয়ে হ্ৰাস পাইছে।

নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ কমিউনিকেশ্যন এণ্ড নিউ মিডিয়া বিভাগৰ মুৰব্বী অধ্যাপক মোহন জে দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ অনামিকা ৰয় স্মাৰক নেচনেল মিডিয়া বক্তৃতা প্ৰদান কৰিবলৈ উপস্থিত হৈছিল।

ইউনিচেফ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ড০ অনামিকা ৰয় স্মাৰক ন্যাসে আয়োজন কৰা ‘’গ্ল’বেল হেল্থ ইনইকুৱেলিটিছঃ কমিউনিকেশ্যন এডভোকেচি এণ্ড ছচিয়েল চেঞ্জ’’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিছিল অধ্যাপক মোহন জে দত্তই।

‘’আমি আজি ‘’স্বাস্থ্য’’ বুলি কওঁতে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ধাৰণাটো সীমিত ৰূপত দেখা পাওঁ যিয়ে লাভ আৰু ধন আহৰণৰ সৈতে জড়িত হৈ পৰিছে,’’-অধ্যাপক দত্তই কয়।

ব্যক্তিগত স্বাস্থ্যক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে ধন আহৰণৰ বাবে ৰাজহুৱা সম্পদ ব্যৱহাৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় বৈষম্যসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাত গুৰুত্ব  আৰোপ কৰি দত্তই কয়,’’ গোটেই যোগাযোগ প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে কিয়নো যোগাযোগেই হৈছে বৰ্তমান সময়ত তথ্য সৰবৰাহৰ একমাত্ৰ উপায়, সেয়েহে আমি সেই তথ্যসমূহক যোগাযোগৰ মাধ্যমেৰে সৰবৰাহ কৰাত গুৰুত্ব দিয়া উচিত।‘’

ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তই তেওঁৰ আদৰণি ভাষণত চিকিৎসাজনিত অৱহেলা বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ইয়ে ‘’চিকিৎসাজনিত সন্ত্ৰাসবাদ’ৰ জন্ম দিছে বুলি অভিহিত কৰে।

উদ্বোধনী ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই কয়,’’ বৈষম্যতা নিজেই এটা বিপজ্জনক বাচ্য যিয়ে অপৰাধৰ মাত্ৰা বৃদ্ধি কৰিছে আৰু ইয়াক স্থায়ী সামাজিক পৰিৱৰ্তনৰ জৰিয়তে আঁতৰ কৰিব পৰা যায় যিটো আমাৰ জীৱনৰ আৰম্ভণিতে সম্ভৱ।‘’

অসমত থকা ইউনিচেফৰ যোগাযোগ বিষয়া বীনা কুমাৰীয়ে তেওঁৰ বিশেষ মন্তব্যত আটাইতকৈ বেছি স্বাস্থ্যজনিত সমস্যাত ভূগি থকা গ্ৰাম্য অসমৰ ছবি এখন দাঙি ধৰে।

ন্যাসে ২০১৫ চনৰ জুলাইত চিকিৎসাজনিত অৱহেলাৰ ফলত মৃত্যু বৰণ কৰা ড০ অনামিকা ৰয়ৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিল।