সৰভোগৰ ভূলুকাডোবাত ট্ৰেইনে মহতিয়াই নিয়াত এজন লোকৰ থিতাতে মৃত্যু

আজি আবেলি বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভূলুকাডোবা গাৱঁত সংঘটিত এক ঘটনাত ট্ৰেইনে খুন্দিয়াই এজন লোকক থিতাতে নিহত কৰে।

নিহত লোকজনক ভূলুকাডোবা গাৱঁৰ প্ৰয়াত প্ৰেমচৰণ দাসৰ পুত্ৰ সদানন্দ দাস (৫৫) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে আজি আবেলি ৩:২০ বজাত ৫৫৮১৭ নং উজনি মূৱা ইন্টাৰচিটি যাত্ৰীবাহী ট্ৰেইনে মহতিয়াই নিয়াত মূৰটো চুৰ্ণবিচুৰ্ণ হৈ থিতাতে মৃত্যুক সাবতি লোৱা লোকজনৰ মৃত্যুদেহ ৰেইল লাইনৰ মাজত দীৰ্ঘ সময় পৰি থাকে।

সন্ধিয়া ৫:৪৫ বজাত ৰেইলৱে আৰক্ষী কনিষ্টবল জাকিৰ খান আৰু সৰভোগ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত্যুদেহ ৰেইল লাইনৰ পৰা উদ্ধাৰ কৰি সন্ধিয়া ৬ বজাত বিজনীলৈ লৈ যায়।

দীৰ্ঘ সময় ধৰি পৰি থকা মৃত্যুদেহটোৰ ওপৰেৰে কেইবাখনো উজনি-নামনি মূৱা ট্ৰেইন পাৰ হৈ যায়। উল্লেখযোগ্য যে ট্ৰেইনে খুন্দিওৱাৰ ফলত ইয়াৰ পূৰ্বেও অঞ্চলটোত কেইবাজনো লোক মৃত্যুমুখত পৰিছে।