বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগৰ ঐতিহাসিক মইনবড়ি সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ‘আমছু’ই প্ৰদান কৰিব ‘সমন্বয় বঁটা’।
অহা ২১ জানুৱাৰীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত হাউলীৰ ত্ৰিকন্যা বিবাহ ভৱনত অনুষ্ঠিত হ’বলগা এখন সভাত অধিকাৰীক এই বঁটা প্ৰদান কৰিব। অধিকাৰীৰ লগতে বিশিষ্ট শিক্ষাবিদ, অসমৰ সংখ্যালঘু তথা বৃহত্তৰ অসমীয়া জাতিৰ উত্তৰণৰ অন্যতম সেৱক এম মোজাম্মিল হুছেইনকো উক্ত সভাতে আমছুই ‘সমন্বয় বঁটা’ প্ৰদান কৰিব।
আমছুৰ ৰাজ্যিক সমিতিৰ সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদকদ্বয় ৰেজাউল কৰিম সৰকাৰ আৰু আইনুদ্দিন আহমেদৰ লগতে অভ্যৰ্থনা সমিতিয়ে জনোৱা অনুসৰি, আমছুৰ অন্যতম প্ৰতিষ্ঠাপক তথা সংখ্যালঘু আন্দোলনৰ গুৰি ধৰোতা বিশিষ্ট চিন্তাবিদ-সাংবাদিক-লেখক প্ৰয়াত তাজ উদ্দিন আহমেদ আৰু আমছুৰ প্ৰতিষ্ঠাপক প্ৰয়াত এম বি হামিদুৰ ৰহমানৰ স্মৃতি ৰক্ষাৰ্থে ২১ জানুৱাৰীত হাউলীত অনুষ্ঠিত হ’বলগা সভাত গণেশ চন্দ্ৰ অধিকাৰী আৰু এম মোজাম্মিল হুছেইনক ‘সমন্বয় বঁটা’ প্ৰদান কৰিব।
আমছুৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মাধ্যমেৰে পঞ্চদশ শতিকাত গঢ়ি যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে গুৰুজনাৰ আদৰ্শ, দৰ্শনৰ ভেটিত আজি এক সমন্বয়-সম্প্ৰীতিৰ প্ৰতীক হিচাপে শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতা স্থাপিত সৰভোগৰ মইনবড়ি সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী অন্যতম। এনে এগৰাকী ব্যক্তিক সমন্বয় বঁটা প্ৰদান কৰিব ওলোৱাটো আমছুৰ বাবে আনন্দৰ বিষয় বুলি উল্লেখ কৰে।
উক্ত সভাতে ‘গণ অধিকাৰ চ’ছিয়েল চাৰ্কল’ৰ উদ্যোগত বিশিষ্ট চিন্তাবিদ-সাংবাদিক-লেখক প্ৰয়াত তাজ উদ্দিন আহমেদ আৰু আমছুৰ প্ৰতিষ্ঠাপক প্ৰয়াত এম বি হামিদুৰ ৰহমানৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব।