হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ উদ্দেশ্যে নগাঁৱত সাংবাদিকৰে বন বিষয়াৰ মত বিনিময়

22-06-18 Nagaon- Journalists Meet-Men-Animal Conflict (1)

নগাঁৱত বন বিষয়াৰে সাংবাদিকৰ মত-বিনিময়। ফটো : ইউ বি

হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাত বিশেষকৈ ৰাজ্যখনৰ বনাঞ্চলীয় এলেকাৰ সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি তুলিছে। নগাঁও জিলাতো এই সংঘাতে বিগত কেইবছৰ ধৰি ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এই সংঘাতৰ পৰিণতিত জিলাখনত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বাসগৃহ, খেতি পথাৰ নষ্ট কৰি সাধাৰণ ৰাইজক বাৰুকৈয়ে সমস্যাত পেলাইছে।

হাতী-মানুহৰ এই সংঘাত চলি থকাৰ সময়তে শুকুৰবাৰে নগাঁও সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ সৈতে বন বিভাগৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সংমণ্ডল বন বিষয়া শুভাশীষ দাসে জিলাখনত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি এই সংঘাত দূৰ কৰিবৰ কাৰণে বন বিভাগে লোৱা পদক্ষেপৰ বিষয়ে সদৰী কৰে। এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাংবাদিকসকলৰপৰা পৰামৰ্শ বিচাৰে।

সাংবাদিকসকলে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ কাৰণে বিভিন্ন পৰামৰ্শ দি বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। সাংবাদিক সকলে বনাঞ্চল ধ্বংস ৰোধ কৰা, কাৰ্বি আংলং জিলাত বনাঞ্চলৰ ভূমিত ব্যক্তিগত পট্টা দিয়া বন্ধ কৰা, জনাঞ্চললৈ যাতে হাতী আহিব নোৱাৰে তাৰ বাবে হাতীৰ কৰিডৰসমূহত চোকা দৃষ্টি ৰখাকে ধৰি কেইবাটাও পৰামৰ্শ আগবঢ়াই এই বিষয়ে চৰকাৰক পৰ্যাপ্ত অৰ্থ সাহায্য যোগানৰ ব্যৱস্থা ল’বলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে।

সাংবাদিকসকলে লগতে জিলাখনৰ বিভিন্ন স্থানত থকা অবৈধ কাঠফলা মিলসমূহ বন্ধ কৰা আৰু বনৰীয়া হাতীয়ে ক্ষতি কৰা লোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

অনুষ্ঠানত সংমণ্ডল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, চলিত বছৰত বৰ্তমানলৈকে হাতীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হয়। বিগত বছৰত জিলাখনত ১১ টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল। হাতী- মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ইতিমধ্যে শিলঘাটত ৮ কিলোমিটাৰ, কঠিয়াতলিত ৭ কিলোমিটাৰ আৰু কন্দলিত ৭ কিলোমিটাৰ এলেকাত স্থানীয় ৰাইজৰ সহযোগত আৰু ডব্লিও ডব্লিও এফৰ সাহায্যত পাৱাৰ ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও ছোৱালী কলেজৰ অধ্যাপক সমৰজিৎ ওজাই জানিবলৈ দিয়ে যে, অকল খাদ্যৰ সন্ধানতেই হাতী বনাঞ্চলৰ পৰা ওলাই নাহে। এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত অন্য কেতবোৰ কাৰণেও হাতী বনাঞ্চলৰ পৰা ওলাই আহে বুলি উল্লেখ কৰে।

হাতী-মানুহৰ সংঘাতৰ কাৰণৰ বিভিন্ন দিশ তথ্য চিত্ৰৰ জৰিয়তে প্ৰৰ্দশন কৰি এই সংঘাত দূৰ কৰিবৰ কাৰণে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়। এই বিষয়ত এক পুস্তিকাও বিতৰণ কৰা হয়।

অনুষ্ঠানত নগাঁও সদৰ আৰু শালনা আঞ্চলিক বন বিষয়া ক্ৰমে নেপাল মণ্ডল, চেলিম আহমেদ আদি উপস্থিত থাকে।