হাফলঙত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

IMG

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পৰিষদ চৌহদত উদযাপন কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈছে পৰিষদৰ চিইএম দেবলাল গাৰ্লোচা। সন্মানীয় অতিথি হিচাপে আছে পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা, হাফলঙৰ বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰ, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ লগতে পৰিষদৰ ইএমৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানটো বন্তি প্ৰজ্জ্বলনৰ যোগেদি শুভাৰম্ভ কৰে চিইএম গাৰ্লোছাই।

উল্লেখযোগ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে বক্তব্য আগবঢ়ায় পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাইয়ে। তেওঁ ভাষণ প্ৰসংগত পাৰ্বত্য পৰিষদৰ জন্মলগ্ন ১৯৫২ চনৰ ২৯ এপ্ৰিলৰ কথা স্মৰণ কৰি কয় যে এই পৰিষদ আজিৰ পৰ্যায়ত আহি উপনীত হোৱাৰ আঁৰত বহু নেতাৰ অৱদান আছে। কাৰণ প্ৰথমতে জিলা পৰিষদ আছিল আৰু ১৯৯৪ চনত স্বায়ত্ত শাসিত পৰিষদৰ মৰ্য্যাদা লাভ কৰে।

আনহাতে আজি পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিষদৰ অধীনস্থ ৰাজহ গাঁৱৰ গ্ৰাম প্ৰধান সকলৰ মাজত জিবিৰ বেজ আৰু ব্ৰেজাৰ তুলি দিয়া হয়।

অনুষ্ঠানটোত বক্তব্য আগবঢ়ায় বিধায়ক বীৰভদ্ৰ হাগজেৰৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, চিইএম দেৱলাল গাৰ্লোচাই।

গাৰ্লোচাই পৰিষদৰ প্ৰতিষ্ঠা দিবস উপলক্ষে পৰিষদৰ সমূহ কৰ্মচাৰীৰ লগতে জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে বিজেপিশাসিত পৰিষদৰ দুবছৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তথাপি জিলাৰ সামিগ্ৰক উন্নয়নৰ কাৰণে এই পৰিষদে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত বৰ্তমান সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে। অনুষ্ঠানটোত ভালেসংখ্যক ৰাইজ উপস্থিত আছিল।