হাফলঙত স্বাধীনতা সংগ্ৰামী বীৰ সম্ভুধনৰ চহিদ দিৱস পালন

Sambhudhan

বীৰ চহিদ সম্ভুধনৰ প্ৰতিমূৰ্তি।

নিজৰ ঠাই আৰু মানুহক ব্ৰিটিছৰ হাতৰ পৰা বচাবলৈ তথা কাচাৰবাসীৰ মাজত চলোৱা বিভাজনৰ ৰাজনীতিত অসন্তুষ্ট হৈ শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, সমগ্ৰ হাফলঙত লোককাহিনীৰ নায়ক ৰূপে নাম ৰাখি যোৱা বীৰ সম্ভুধন ফংল’ৰ মৃত্যু তথা ত্যাগক সুঁৱৰি ডিমা হাচাও জিলাৰ বিভিন্ন প্ৰান্তৰ লগত আজি জিলা সদৰ হাফলঙতো ১৩৬ সংখ্যক চহিদ দিৱস পালন কৰা হয়।
এই উপলক্ষে ডিমাচা জাতীয় বীৰজনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। ডিমাচা এপেক্স ব’ডি জাদিখে নাইশ্ব’ হছমৰ লগতে ছাত্ৰ সংগঠন ডিমাচা ছাত্ৰ সংগঠন আডছুকে ধৰি বিভিন্ন দল-সংগঠনৰ যুটীয়া উদ্যোগত এই চহিদ দিৱসটো পালন কৰা হয়।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ লংমাইলাই। আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু প্ৰমুখ। অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় বীৰ চহিদজনৰ মূৰ্তিত মাল্যদানৰ যোগেদি অনুষ্ঠানৰ শুভাৰম্ভ হয়।
ইয়াৰ পাছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি সকলেও চহিদজনক শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে এই উপলক্ষে হাফলং চহৰৰ মাজেৰে এটা শোভাযাত্ৰাও উলিওৱা হয়।
মুখ্য অতিথি লংমাইলাই তেওঁৰ ভাষণত সম্ভুধনৰ সংগ্ৰামী জীৱনৰ বিভিন্ন দিশ তুলি ধৰি কয় যে আজি যি আমি যি স্বাধীনতা উপভোগ কৰিবলৈ পাইছো তাৰ কাৰণে বীৰ সম্ভুধনৰ ত্যাগকো মূল্য দিব লাগিব।
আনহাতে কেন্দ্ৰীয় চৰকাৰে সম্ভুধনক জাতীয় বীৰৰ স্বীকৃতি প্ৰদান কৰা কাৰণেও ধন্যবাদ জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াগৰাকীয়ে।
উল্লেখযোগ্য যে সম্ভুধনৰ জীৱন কাহিনী ডিমা হাচাওত মানুহৰ মুখে মুখে আজিও প্ৰচলিত। ব্ৰিটিছৰ শাসন তথা নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ সমগ্ৰ কাচাৰৰ পৰা বছা বছা লোকক লৈ এটা বাহিনী গঠন কৰিছিল। পিছত বিদ্ৰোহ দমন কৰিবলৈ অহা ব্ৰিটিছ বাহিনীৰ কৌশলী যুঁজত তেওঁৰ মৃত্যু হয়। বীৰজনাৰ জন্ম-মৃত্যুৰ সঠিক তাৰিখৰ কোনো প্ৰতিষ্ঠিত তথ্য পোৱা নাযায় যদিও লোককাহিনী মতে তেওঁৰ জন্ম মাইবাঙৰ লংখৰ গাঁৱত ১৮৫০ চনৰ ১৬ মাৰ্চত হৈছিল আৰু মৃত্যু হৈছিল ১৮৮৩ চনৰ ১২ ফেব্ৰুৱাৰি শিলচৰত।