হালোৱটিঙত সীমান্ত পহৰা চকী নিৰ্মাণ নকৰিবলৈ নাগালেণ্ডৰ গৃহ আয়ুক্তৰ অসম চৰকালৈ পত্ৰ

nagaland-gate

শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত আমগুৰি গ্ৰাণ্টাৰ চৰকাৰী মাটিত সীমান্ত আৰক্ষী চকী নিৰ্মাণক লৈ অসম-নাগালেণ্ড সীমান্ত উত্তপ্ত হৈ থকাৰ সময়তে পুনৰ এক পত্ৰই জোকাৰিছে অসম চৰকাৰৰ গৃহ বিভাগটোক।

উল্লেখযোগ্য যে অসম চৰকাৰে হালোৱাটিঙত অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত স্থাপন কৰিবলৈ লোৱা এটা সীমান্ত পহৰা চকী নিৰ্মাণত যোৱা ২২ আৰু ২৩ জুলাইত সশস্ত্ৰ নগালোকে বাধা প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি বিগত কেইদিনত সীমান্ত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰি আহিছে।

আনকি এই ঘটনাৰ প্ৰতিবাদত যোৱা ২৬ জুলাইত ১৩ টাকৈ জাতীয় সংগঠনে হালোৱাটিঙত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল‌।পৰৱৰ্তী সময়ত শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰস্তুত কৰাৰ সময়লৈকে সংগঠন সমূহে অৱৰোধ সাময়িক ভাবে প্ৰত্যাহাৰ কৰিছিল।

আনহাতে জিলা প্ৰশাসনেও ৩১ জুলাই পৰ্যন্ত সীমান্ত পহৰা চকীটোৰ নিৰ্মাণ কাৰ্য্য স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। কিন্ত সম্প্ৰতি নগালেণ্ড চৰকাৰৰ পত্ৰখনে আকৌ পৰিস্থিতি জটিল কৰি তোলাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি নাগালেণ্ডৰ গৃহ আয়ুক্ত আৰ ৰামচন্দ্ৰণৰ এই অসম চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰই শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে অসমৰ গৃহ সচিবলৈ প্ৰেৰণ কৰা CON-1/BORDER/05(PT) dated.Kohima,26th July,2018 নং পত্ৰখনত নাগালেণ্ডৰ গৃহ আয়ুক্ত আৰ ৰামচন্দ্ৰণে হালোৱাটিং সীমান্তত প্ৰস্তাৱিত সীমান্ত পহৰা চকীৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।

অসম-নাগালেণ্ড সীমান্তৰ ৱাটিয়াঙপেং গেটৰ সমীপৰ বিবদমান এলেকাৰ এটা টিলাত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা এই পহৰাচকী নিৰ্মাণ কাৰ্য্য বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশ দিয়াৰ বাবে পত্ৰখনত অনুৰোধ জনোৱা হয়। আনহাতে যোৱা ২৬ জুলাইত উক্ত সীমান্ত পহৰা চকী স্থাপনৰ সমৰ্থনত অসমৰ একাধিক সংগঠনে নগালেণ্ড গেটৰ সন্মুখত পথ অৱৰোধ কৰা কাৰ্য্যকো নগালেণ্ড চৰকাৰে গৰিহণা দি এনে কাৰ্যই নগালেণ্ডলৈ যাতায়াত বিঘ্নিত কৰা বুলি পত্ৰ খনত উল্লেখ কৰা হৈছে।

নাগালেণ্ড চৰকাৰে অসম চৰকাৰক সীমান্ত অঞ্চলৰ শান্তি বজাই ৰখাৰ স্বাৰ্থতে সীমান্ত পহৰাচকী নিৰ্মাণ নকৰিবলৈ আৰু আমগুৰিৰ ৰাষ্ট্ৰীয় ঘাই পথত নগালোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ পত্ৰখনত অনুৰোধ জনায়।

আনহাতে নগালেণ্ড চৰকাৰৰ এই পত্ৰখন সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহোম জাতীয় গণ মঞ্চ অসমে। সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পুলকেশ গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে নাগালেণ্ড চৰকাৰৰ পত্ৰখনে নগাৰ আগ্ৰাসী স্বৰূপ প্ৰকাশ কৰিছে আৰু অসমৰ ভৌগোলিক ভূ খণ্ডত নগাৰ আগ্ৰাসনক আহোম জাতীয় গণ মঞ্চই কোনো কাৰণতে সহ্য নকৰে। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সংগঠনটোৱে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক আহ্বান জনায়।