• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰ্নবিল মহোৎসৱৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ : উদ্বোধন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে

এন ই নাও নিউজ ব্যুৰো, কোহিমা: by এন ই নাও নিউজ ব্যুৰো, কোহিমা:
December 1, 2017 2:42 pm
হৰ্নবিল মহোৎসৱৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ : উদ্বোধন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ প্ৰখ্যাত হৰ্নবিল মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কোহিমাৰ নগা ঐতিহ্যপূৰ্ণ গাওঁ কিছামাত অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া মহোৎসৱৰ বাবে সকলো আয়োজন অন্তিম পৰ্যায়ত উপনীত হৈছে। নাগালেণ্ডৰ এই বৰ্ণাঢ্য মহোৎসৱটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

কিছামাত হৰ্নবিল মহোৎসৱৰ মুখ্য অনুষ্ঠানত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে নাগালেণ্ডৰ কলা আৰু সাংস্কৃতিক বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ সকলো আৰু ৰাজ্যখনৰ বাহিৰৰ জনগোষ্ঠীৰ সাংস্কৃতিক দলে তেওঁলোকৰ বৰ্ণিল পৰম্পৰাগত সাজ-সজ্জাৰে নিজৰ নিজৰ নৃত্য গীতেৰে মুখৰিত কৰি তুলিব মহোৎসৱটি।

মহোৎসৱটিৰ মূল মণ্ডপৰ ভিতৰত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰকৰ কাষতে থকা আৰ্টিষ্ট কৰ্নাৰত শিল্প কৰ্মৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ লগতে কলা প্ৰদৰ্শন তথা ছবি অংকন, চিত্ৰ প্ৰদৰ্শনী, চিত্ৰ প্ৰতিযোগিতা আদি চলি থাকিব।

আৰ্কাইভ কৰ্নাৰত ৰাজহুৱা আৰু ব্যক্তিগত সূত্ৰৰ পৰা পোৱা ঐতিহাসিক তথ্য, ঐতিহাসিক আৰু ভৌগলিক মানচিত্ৰৰ প্ৰদৰ্শনী আৰু বিভাগীয় প্ৰকাশনৰ বিক্ৰী আদি থাকিব য’ত ছাত্ৰ-ছাত্ৰী, পণ্ডিত তথা গৱেষকসকলে অধ্যয়নৰ সুবিধাও পাব।

দ্বিতীয় বিশ্ব যুদ্ধৰ যাদুঘৰটো নতুন প্ৰজন্মক ঐতিহাসিক ঘটনা, শিল্পকলাৰ গুৰুত্ব আদি সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে ৰাইজৰ বাবে মুকলি ৰখা হ’ব।

আনহাতে শেহতীয়া খবৰমতে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দুদিনীয়া কাৰ্য্যসূচী লৈ মিজোৰামৰ আইজলত উপস্থিত হয়। ৰাষ্ট্ৰপতি হিচাপে এয়াই হ’ল তেওঁৰ প্ৰথমটো মিজোৰাম ভ্ৰমণ। তেওঁ তাত কাইলৈ মিজোৰাম বিধান সভাত ভাষণ দিয়াৰ কথা। ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ সূত্ৰই এই কথা কয়। তেওঁ তাৰ ৰাজভৱনত আয়োজিত হ’ব লগীয়া দুখীয়াৰ বাবে ঘৰ (Housing for the Poor Project) নামৰ এটা প্ৰকল্প মুকলি কৰাৰ কথা। মিজোৰামৰ পৰা ৰাষ্ট্ৰপতি নাগালেণ্ডত অনুষ্ঠিত হৰ্নবিল উৎসৱ উদ্বোধন কৰিবলৈ যাব।

এন ই নাও নিউজ ব্যুৰো, কোহিমা:

এন ই নাও নিউজ ব্যুৰো, কোহিমা:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd