হৰ্নবিল উৎসৱত যোগদানৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডিমাপুৰত উপস্থিত

Mumbai: Union Home Minister Rajnath Singh addresses during celebration of three years completion of Maharashtra government in Mumbai on Thursday. PTI Photo by Shashank Parade(PTI6_8_2017_000229A)

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং বৃহস্পতিবাৰে সন্ধিয়া আহি ডিমাপুৰত উপস্থিত হৈছে। নাগালেণ্ড চৰকাৰৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে তেওঁক বিমানবন্দৰৰ পৰা আদৰি আনে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈ থকা হৰ্নবিল উৎসৱৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

বৃহস্পতিবাৰে কলকাতাত বাংলাদেশ সীমান্তৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত আবেলি নাগালেণ্ডলৈ আহে। গৃহমন্ত্ৰীগৰাকীৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি ডিমাপুৰত উপস্থিত হোৱাৰ পিছত তেওঁ এই অঞ্চলত চলি থকা শেহতীয়া ঘটনা প্ৰৱাহৰ বিষয়েও বুজ ল’ব। হৰ্নবিল উৎসৱত যোগদানৰ পিছতে তেওঁ অইন কিছু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল’ব।

জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম) ৰ মাজত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট খনক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থতিৰ সম্পৰ্কত অসম, অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব।

ইয়াৰ মাজতে মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ থাঙমেইবেণ্ডত এগ্ৰিমেন্টখনৰ সবিশেষ ৰাজহুৱা কৰাৰ দাবীত ধৰ্ণা, প্ৰতিবাদ আৰু বন্ধৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰিছে।

আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰাৰ আগতে অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু পেমা খাণ্ডুক লগ কৰাৰ বাবে ৰাওনা হৈছে।

উল্লেখযোগ্য যে উক্ত তিনিখন ৰাজ্যত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টে তেওঁলোকৰ ভৌগলিক অখণ্ডতা বিনষ্ট কৰিব বুলি শংকা কৰি জনসাধাৰণৰ মাজত  তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাধাবিনোদ কইজামে বৃহস্পতিবাৰে কয় যে সকলো ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি এটা সমাধান সূত্ৰ উলিওৱাৰ সময় আহি পৰিছে। মুষ্টিমেয় কেইটামান গোটৰ লগত আলোচনা কৰাৰ পৰিৱৰ্তে ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলোকে আলোচনাত জড়িত কৰিব লাগে।