১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান

The-main-entrance-of-570x320

মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ‘মিজোৰাম ইন্সটিটিউট অব মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছ’ৰ পাঠদান অহা ১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই কথা জানিবলৈ দিয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ লাল্লুখুম ফিমেতে।

উল্লেখ্য যে ‘মিজোৰাম ইন্সটিটিউট অব মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছ’ হৈছে মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। ৰাজ্য চৰকাৰে ফাকৱানস্থিত ষ্টেট ৰেফাৰেল হাস্পতালতে এই চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰিছিল।

এই চিকিৎসা মহাবিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ১০ শতাংশ অনুদানৰে মুঠ ১৮৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে।

আনহাতে মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ অনুমোদন সাপেক্ষে চলিত বৰ্ষৰ ২২ মে’ত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিকিৎসা মহাবিদ্যালয়খনত এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ বাবে এতিয়ালৈ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। জানিব পৰা মতে ১০০ খন আসনৰ ব্যৱস্থা কৰা মহাবিদ্যালয়খনত সাধাৰণ শ্ৰেণীৰ বাবে ১৫ শতাংশ, প্ৰৱাসী ভাৰতীয়ৰ বাবে ১০ শতাংশ আৰু স্থানীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

প্ৰথমটো শিক্ষা বৰ্ষৰ বাবে এতিয়াও ৩০ খন আসন খালী হৈ থকাৰ কথা জানিবলৈ দি মহাবিদ্যালয়খনৰ অধ্যক্ষই কয় যে অতি শীঘ্ৰে সেই খালী হৈ থকা আসন সমূহ পূৰণ কৰা হ’ব।

আনহাতে প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালাই আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়খনৰ শুভাৰম্ভ কৰিব বুলিও জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে।