১৬ বছৰৰ মূৰত ইম্ফলত দেখা গ’ল বিৰল চৰাই ‘মায়াং ইউৰক’ক

ibis-3-1.jpg

ইম্ফলৰ প্ৰকৃতিপ্ৰেমীক আনন্দিত কৰি প্ৰায় ১৬ বছৰৰ মূৰত ইম্ফলৰ লোকটক হ্ৰদলৈ আগমন ঘটিছে ‘মায়াং ইউৰক’ৰ। স্থানীয়ভাৱে মায়াং ইউৰক (বৈজ্ঞানিক নাম : Threskiornis melanocephalus) নামেৰে জনাজাত এই বিৰল জলচৰ চৰাইবিধক শেষবাৰ ইম্ফলৰ আৰ্দ্ৰভূমিত দেখা গৈছিল ২০০২ চনত।

বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল আৰু আই য়ু চি এনৰ তালিকাভুক্ত চৰাইবিধক শেহতীয়াকৈ বাৰ্ষিক জলচৰ চৰাই পিয়ল ২০১৮ৰ সময়ছোৱাত যোৱা ২০ জানুৱাৰিত টাঞ্জজেং নামৰ লোকটকৰ সমীপৱৰ্তী আৰ্দ্ৰভূমিত দেখা পোৱা গৈছে। এই তথ্য প্ৰকাশ কৰে ভাৰতীয় পক্ষী সংৰক্ষণ নেটৱৰ্কৰ মণিপুৰৰ ৰাজ্যিক সমন্বয়ক আৰ কে বিৰজিতে।

ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰথমবাৰৰ বাবে মায়াং ইউৰকক জলচৰ চৰাই পিয়লত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যিক বন বিভাগৰ তত্ত্বাৱধানত কেইবাটাও স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিয়ে লোকটক হ্ৰদ আৰু ইয়াৰ আশে-পাশে থকা ৫০ টা আৰ্দ্ৰভূমিত বাৰ্ষিক জলচৰ চৰাই পিয়ল অনুষ্ঠিত কৰিছে।

জানিব পৰা মতে, ২০০২ চনৰ আগত ১৮৮৮ আৰু ১৯৩২ চনত উক্ত চৰাইবিধ দেখা পোৱা গৈছিল।

মন কৰিব লগীয়া বিষয় এইটোৱে যে এইবাৰ বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণত জলচৰ চৰাইবোৰে মণিপুৰৰ কেইবুল লামজাও আৰু থৌবুলত আশ্ৰয় গ্ৰহণ কৰিছে। আনহাতে ৯টাকৈ ভিন্ন প্ৰজাতিৰ হাঁহো এই পিয়লৰ সময়ত দেখা পোৱা গৈছে।