১৬ সংখ্যক বড়োলেণ্ড দিৱসত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মুখ্য মন্ত্ৰী

‘ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰী কৰাৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। প্ৰতিটো জনগোষ্ঠীৰ সম্ভাৱনীয়তাক বিকশাই তুলি ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম বিকাশ নিশ্চিত কৰাৰ বাবেও ৰাজ্য চৰকাৰে কাম কৰি আহিছে।’ আজি কোকৰাঝাৰ জিলাৰ বডোফা নগৰত ১৬ সংখ্যক বড়োলেণ্ড দিৱসত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

বিটিএডি এলেকাত সহাৱস্থানেৰে বসবাস কৰি শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিটিচি নেতৃবৰ্গ আৰু বড়ো জনগোষ্ঠীৰ লোকসকলক প্ৰশংসা কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এই বড়ো জনগোষ্ঠীৰ লোকসকল শৃংখলাবদ্ধ, কৰ্মদ্যোগী আৰু সাহসী।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিটিএডি এলেকাৰ সকলো ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিটিচি প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ‘ৰাজ্য চৰকাৰে ভূটানৰ লগত ব্যৱসায়িক সম্পৰ্ক গাঢ় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত বিটিএডি এলেকাৰ উন্নয়নৰ গতি অধিক ত্বৰাম্বিত হ’ব। ভূটানৰ সৈতে বিটিএডি এলেকাৰ সীমান্তৰ ২৪০ কি. মি. দৈৰ্ঘ সামৰি এটা আন্তঃৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত অনুমোদন জনালেই ইয়াৰ কাম আৰম্ভ হ’ব।’

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বড়ো লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে বিটিএডি প্ৰশাসনে অতী শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব। লগতে তেওঁ কয় যে বিটিএডি প্ৰশাসনৰ বাহিৰত থকা জিলাসমূহতো বড়ো সাহিত্য সভা, সদৌ বড়ো মহিলা ফেদাৰেশ্যন, অল বড়ো ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ কাৰ্যালয় নিৰ্মাণ কৰিব। বড়ো জনসাধাৰণে যাতে অসমীয়া ভাষা শিকিব পাৰে তাৰ বাবে চাৰিখন জিলাৰ প্ৰতিখনতে একোটাকৈ প্ৰতিষ্ঠানো স্থাপন কৰা হ’ব।’

আজিৰ অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, সাংসদ বিশ্বজিত দৈমাৰী, বিটিচিৰ উপ মুখ্য প্ৰধান খামফা বৰগিয়াৰীয়েও ভাষণ প্ৰদান কৰে।

আনহাতে অনুষ্ঠানটোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, কেইবাগৰাকী বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।