• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত জ্যোতিৰূপাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ’

NE NOW NEWS সুকৃতি গগৈ
গুৱাহাটী , February 21, 2018 8:20 pm

2 min read

২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত জ্যোতিৰূপাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ’

জ্যোতিৰূপাৰ সংবাদমেল

152
VIEWS
Share on FacebookShare on Twitter

সমাজ-সাংস্কৃতিক সংগঠন ‘জ্যোতিৰূপা’ই ২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত আয়োজন কৰিছে ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ’।

দশম বছৰত ভৰি দিয়া এই সমাৰোহটো প্ৰত্যেক দিনা সন্ধিয়া ৬ বজাত পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব।

সমাৰোহটোত মুঠ পাঁচখন নাট মঞ্চস্থ হ’ব। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইটামান জনপ্ৰিয় নাট্য দল এই অনুষ্ঠানৰ অংশ হ’ব। মুম্বাইৰ বিইং এছিয়ান নাট্য দলৰ এখন নাটকো অনুষ্ঠানটোৰ সামৰণিৰ দিনা মঞ্চস্থ হ’ব।

বঁটাপ্ৰাপ্ত চিনে’মা নিৰ্মাতা মঞ্জু বৰাই এই সমাৰোহটো উদ্বোধন কৰিব।

বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদ মেলযোগে জ্যোতিৰূপাই জনাই যে ‘ৰাধা গোবিন্দ বৰুৱাৰ সপোনৰ সৈতে সংগতি ৰাখি’ তেওঁলোকে ‘এক নাট সংস্কৃতিৰ প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন কোণৰ তৰুণ প্ৰতিভাসকলক এখন মঞ্চ যোগান ধৰিব খুজিছে’।

জ্যোতিৰূপাৰ উপ-সভাপতি ভুৱন লহকৰে কয়, ‘এইবাৰ আমাৰ প্ৰচেষ্টাই দশম বছৰত ভৰি দিলে। অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাসমূহৰ ঐক্য আৰু জনপ্ৰিয়তা গৰিমা হেৰুওৱাৰ সময়তে এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল। আমাৰ সংগঠনটোৱে নাট আৰু সাংস্কৃতিক আন্দোলনটোৰ আদিম গৌৰৱ পুনৰ ঘূৰাই অনাৰ লক্ষ্য লৈছো।’

‘সাংস্কৃতিক আন্দোলন গঢ়ি তোলা আৰু সম্প্ৰসাৰিত কৰাৰ বাবে’ জ্যোতিৰূপাই প্ৰতি বছৰে উত্তৰ-পূব একাংকিকা নাট প্ৰতিযোগিতাৰো আয়োজন কৰি আহিছে।

তেওঁ কয়, ‘অভিনয়ৰ ক্ষেত্ৰত ৰাধা গোবিন্দ বৰুৱাৰ অৰিহণাৰ বিষয়ে নতুন প্ৰজন্মক সোঁৱৰাই দিয়াতো আমাৰ দায়িত্ব। তেওঁ আছিল এজন অতি উদ্যমী পুৰুষ যি নাটকত অভিনয়ো কৰিছিল আৰু বহু বিলাক নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সহায়ো কৰিছিল।’

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd