২৭ ফেব্ৰুৱাৰিত সকলো চাহ বাগিচা বন্ধৰ আহ্বান অসম চাহ মজদুৰ সংঘৰ

representative image

২৭ ফেব্ৰুৱাৰিত অসমৰ সমূহ চাহ বাগিচা বন্ধ ৰখাৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। এই কথা জানিবলৈ দিয়ে অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে।

এক বিবৃতি যোগে জানিবলৈ দিয়ে যে স্বাধীনতা কালৰে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ ক্ৰমে কাছাৰ চাহ শ্ৰমিক ইউনিয়ন আৰু অসম চাহ মজদুৰ সংঘই এককভাবে প্ৰতিনিধিত্ব কৰি আহিছে। য়েসেহে অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ বাবে সকলো সুবিধা তথা দৈনিক মজুৰিৰ বৃদ্ধিকে ধৰি আন বিষয়ত মাত মাতি আহিছে।

উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি চুক্তিৰ ম্যাদ উকলি গৈছিল। কিন্তু এই বছৰৰে ১ জানুৱাৰিৰ পৰা শ্ৰমিকসকলে নতুন হাৰত দৈনিক মজুৰি লাভ কৰিব লাগিছিল যদিও সেয়া বৰ্তমানলৈ কাৰ্যত পৰিণত হোৱা নাই।

মজুৰি বৃদ্ধি সম্পৰ্কতে ৰাজ্য চৰকাৰে ২০১৭ চনৰ ৯ ছেপ্তেম্বৰত ৰাজ্যৰ শ্ৰম মন্ত্ৰীক অধ্যক্ষৰূপে লৈ মজুৰি বৃদ্ধি সম্পৰ্কীয় এখন সমিতি গঠন কৰি মজুৰি বৃদ্ধিৰ দায়িত্ব নিজ হাতলৈ লৈ যোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।

ইয়াৰ লগতে উল্লেখ কৰে যে মজুৰি বৃদ্ধি সমিতিয়ে ইতিমধ্যে মালিক পক্ষৰ লগত তিনিবাৰকৈ বৈঠকত মিলিত হয় যদিও চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ আন্তৰিকতাৰ অভাৱৰ বাবে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।

অসম চাহ নিগমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়াও ২০১৫ চনৰ হাৰত ১১৫ টকা হিচাবে মজুৰি পাই আহিছে। এই শ্ৰমিকসকলক ২০১৬ আৰু ২০১৭ চনৰ পাব লগা মজুৰি বৃদ্ধি দৈনিক ২২ টকা দিয়া হোৱা নাই।

আনহাতে, মজুৰিৰ অংশ হিচাপে বাগিচাৰ চাহ শ্ৰমিকে পাব লগা ৰেচন বহু বছৰ ধৰি বন্ধ হৈ আছে। শ্ৰমিকৰ আইনসংগত ন্যায্য প্ৰাপ্তিৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰ আৰু মালিক পক্ষই সদায় নানা অজুহাত দেখুৱাই শ্ৰমিক গোষ্ঠীক শোষণ কৰি আহিছে।

এই সমূহ কাৰণতে অসম চাহ মজদুৰ সংঘই ৰাজ্যিক ভিত্তিত ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰিত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সৰ্বাত্মক বাগিচাৰ প্ৰতীক ধৰ্মঘট কাৰসূচী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলো পক্ষকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে।