৩০ মাৰ্চত হোৱা শিল বৰষুণত মেঘালয়ৰ ২৫০০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ

hailstorm

মেঘালয়ত যোৱা ৩০ মাৰ্চত হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ৰাজ্যখনৰ ২৩৭খন গাঁৱৰ মুঠ ২,৫০০ পৰিয়াল যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাথমিক পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত এই তথ্য প্ৰকাশ কৰে।

এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা অতিৰিক্ত মুখ্য সচিব পি ডব্লিউ ইংতিয়ে ৰাজ্যখনত ধুমুহা শিল বৰষুণৰ ফলত ক্ষয় ক্ষতি হোৱা বহু অঞ্চল তথা পৰিয়াল এতিয়াও নিৰ্ধাৰিত কৰিব আছে বুলি সোমবাৰে মন্তব্য কৰে।

নিজ নিজ জিলা সমূহৰ উপায়ুক্তসকলৰ সহযোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় সাহাৰ্য আগবঢ়াই থকা বুলিও উল্লেখ কৰে ইংতিয়ে।

উল্লেখ্য যে অচম্বিতে অহা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ক্ষতিগ্ৰস্ত জিলা কেইখন হ’ল পশ্চিম খাচী পাহাৰ, পূব গাৰো পাহাৰ, উত্তৰ গাৰো পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ।

এই ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ লগতে শস্য পথাৰ, পশুধন আৰু আন সা-সম্পত্তিৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিবপৰা মতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঘৰ-দুৱাৰ হেৰাই সৰ্বস্বান্ত হোৱা পৰিয়ালসকলৰ পুনঃসংস্থাপন নোহোৱা পৰ্যন্ত প্ৰশাসনে অস্থায়ী আশ্ৰয়স্থলীৰ ব্যৱস্থা কৰি দিছে।

আনহাতে ৰাজ্য চৰকাৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহাৰ্য প্ৰদানৰ বাবে জিলাসমূহলৈ ২০ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। তাৰোপৰি যদিহে প্ৰয়োজন হয় তেন্তে ৰাজ্য চৰকাৰে জিলাসমূহলৈ আৰু অধিক আৰ্থিক অনুদান আগবঢ়াব বুলি সদৰী কৰে।