৩৭০ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত বৈষ্ণৱৰ বোকাখেল

majuli

আজি মানুহ বিহু। ধৰিত্ৰীৰ উৰ্বৰা শক্তিৰ বৃদ্ধিৰ কামনা কৰি প্ৰতিজন অসমীয়াই ব’হাগ বিহু পালন কৰে। ধৰিত্ৰীক সন্তুষ্ট কৰিবলৈ পালন কৰা এই বিহুত প্ৰেম প্ৰণয়ৰ তীব্ৰ আহ্বান দেখিবলৈ পোৱা যায় যদিও মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠান সমুহৰ উদাসীন পৰম্পৰাত বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰে ৰঙালীৰ আনন্দত ভাগ লয় ।

এই সমুহৰ ভিতৰত বোকা খেল বসন্ত উৎসৱৰ অন্যতম আকৰ। ৩৭০ বছৰীয়া পৰম্পৰাৰে মানুহ বিহুৰ দিনা সত্ৰানুষ্ঠানৰ বৈষ্ণৱ সকলে বোকা খেলত ভাগ লয় । সত্ৰৰ সত্ৰাধিকাৰে বৈষ্ণৱ সকলক বোকাৰ তিলক সানি বোকাখেলৰ শুভাৰম্ভ কৰে।

মাজুলীৰ ঐতিহাসিক আউনী আটী সত্ৰ, বেঙেনা আটী সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে ফুলনি, জুগুনিধাৰী, নামকাটনি আদি অঞ্চলত পুৰুষ-মহিলা সকলোৱে মিলি বোকা খেলত ভাগ লয়। ভূমিক শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰি সত্ৰৰ প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰি বোকা খেলত ভাগ লয়।

লোক ৰীতি আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত উদযাপিত বোকাখেলে বসন্ত উৎসৱৰ এক বিশেষ মাত্ৰা বহন কৰি আহিছে। মানুহ বিহুৰ এই পবিত্ৰ দিনটোত ভূমিক গাত লেপন কৰিলে সকলো ধৰণৰ চৰ্ম ৰোগ বছৰটোৰ বাবে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।

বোকা খেলৰ অন্তৱ বৈষ্ণৱ সকলে গাত হালধি সানি সত্ৰৰ চৌহদৰ বিলত সমুহীয়া ভাবে গা ধুই আহি জ্যেষ্ঠ জনৰ ওচৰত সেৱা লৈ বছৰৰ বিহুটি পালন কৰে। ইয়াৰ পিছতে সত্ৰ, নামঘৰ, গুৰু, জ্যেষ্ঠজনৰ ওচৰত আশিস লৈ বছৰৰ মঙ্গল কামনা কৰিলে মাজুলীবাসীয়ে। পুৱাৰ নীতি নিয়ম, পৰম্পৰাগত খেল ধেমালী কৰি সমুহীয়াভাৱে নৈ বিলত গা ধুই মাজুলীবাসীয়ে আধ্যাত্মিকতাৰে সৰ্বমঙ্গলৰ কামনা কৰে।

মাজুলীৰ সত্ৰ সমুহত যিহেতু বিহু নামাৰে সেয়ে সাত্বিক পৰম্পৰাৰে ৰঙালী বিহু উদযাপন কৰে সত্ৰবাসীয়ে। ইয়াৰ পিছতে নামঘৰত সমুহীয়া নামত ভাগ লয় । জাতীয় জীৱন জিলিকাই তোলা অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুতিয়ে সকলোৰে মন প্ৰাণ ৰঙীণ কৰি তোলক তাৰে কামনা কৰে ভগৱন্তৰ ওচৰত ।