৩ আৰু ৪ ফেব্ৰুৱাৰিত আছাম গ্ল’বেল ইনভেষ্টৰছ ছামিট

দেশী-বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে অহা বছৰৰ ফেব্ৰুৱাৰি ৩ আৰু ৪ তাৰিখত আছাম গ্ল’বেল ইনভেষ্টৰছ ছামিট অনুষ্ঠিত হ’ব। এই কথা প্ৰশাক কৰিছে মুখ্য মন্ত্ৰীৰ জনসংযোগ কোষে এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কালি কলকাতাত অনুষ্ঠিত ইণ্ডিয়া টুডেই কনক্লেভ ইষ্ট ২০১৭ ত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূবৰ আন আন ৰাজ্যকেইখনক দক্ষিণ-পূব এছিয়াৰ ১০ খন দেশৰ দুৱাৰমুখ হিচাপে ক্ৰমে প্ৰতিষ্ঠিত হৈছে আৰু ভাৰতৰ অৰ্থনীতিৰ এক উদিত অঞ্চলৰূপে মূৰ দাঙি উঠিছে।