৪ জুনত ৰাজ্যজোৰা ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ

WhatsApp

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু অসমৰ বেচৰকাৰী পথ পৰিবহণ শ্ৰমিকৰ কল্যাণ আইন প্ৰণয়ন কৰাৰ দাবীত অহা ৪ জুনত সমগ্ৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি মঞ্চৰ সভাপতি মথুৰা দাসে এই বন্ধ ঘোষণা কৰে। উল্লেখযোগ্য যে উক্ত দিনা অল ইণ্ডিয়া ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটি, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন আৰু অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে ৰাইজৰ স্বাৰ্থত চকা বন্ধ কৰি ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে মটৰ পৰিবহণ শ্ৰমিক আৰু মালিকসকললৈ আহ্বান জনায়।

আনহাতে বিজেপি চৰকাৰে নাগৰিকত্ব আইন ধৰ্মৰ নামত সংশোধন কৰিবলৈ বিচাৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে মঞ্চৰ সভাপতি গৰাকীয়ে কয়— ‘ৰাজ্যৰ ছাত্ৰ-যুৱ-মহিলা, কৰ্মচাৰী, বুদ্ধিজীৱীসকলে এই আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এওঁলোকক সন্মানো দিব জনা নাই’। তেওঁ লগতে কয়— ‘ৰাজনীতিত ধৰ্ম- জাতিক জড়িত কৰাৰ বাবে সমালোচনা কৰা বিজ্ঞ ব্যক্তিসকলক কিছুসংখ্যক নেতাই তুচ্চ- তাচ্ছিল্যহে কৰি আহিছে।

তদুপৰি পেট্ৰ’ল- ডিজেলৰ কৰ প্ৰত্যাহাৰ কৰি অতি শীঘ্ৰে দাম হ্ৰাস কৰাৰ বাবে পেট্ৰ’ল- ডিজেলকো জি এছ টিৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবৰ বাবে আজিৰ সংবাদ মেলত সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

আনহাতে শ্ৰম বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে মটৰ পৰিবহণ শ্ৰমিকৰ পেঞ্চন, চিকিৎসা আৰু ল’ৰা- ছোৱালীৰ শিক্ষা সাহায্যাযুক্ত কৰি শ্ৰমিক আইন প্ৰণয়ন কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানলৈকে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ অভিযোগ উত্থাপন কৰে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

লগতে শীঘ্ৰে শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰাৰ বাবে তেওঁলোকে আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক দাবী জনায়।