৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ

SankardevSangh

৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু হৈ উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ। গোলাঘাট জিলাৰ দেৰগাৱঁৰ আহোম পথাৰত অহা ৭ ফেব্ৰুৱাৰিৰ পৰা ১০ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া এই অধিৱেশনৰ বাবে অভ্যৰ্থনা সমিতিকে ধৰি সকলোবোৰ উপসমিতি উঠি পৰি লাগিছে নিজৰ নিজৰ ভাগত পৰা দায়িত্ব সঠিক ৰূপত পালন কৰাৰ বাবে।

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ এটা সূত্ৰই জনোৱামতে এইবাৰ অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা লাখো ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। এই বৃহৎ সংখ্যক ভক্তক সেৱা আগ বঢ়াব পৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ভক্তসকল থাকিব পৰাকৈ বিভিন্ন শাখাৰ বাবে নিৰ্দিষ্ট শিবিৰ নিৰ্মাণ কৰা হৈছে।

প্ৰতিদিনে ভক্ত সকলক জলপান আৰু ভাত খোৱাবৰ বাবে ভোজনালয় নিৰ্মাণ কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে প্ৰায় ১০ হাজাৰ ভকতে একেলগে খাব পাৰিব এই ভোজনালয়ত। ইমান বৃহৎ সংখ্যক লোকক খোৱাবৰ বাবে প্ৰায় ৩০০ চৌকা আৰু ৬০০ ৰান্ধনীৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে অধিৱেশনখন সুচাৰুৰূপে পৰিচালনাত সহায় কৰিবৰ বাবে ৩৫খন উপ সমিতিৰ লগতে বিভিন্ন প্ৰাথমিকৰ পৰা স্বেচ্ছাসেৱক নিৰ্বাচন কৰা হৈছে। গোলাঘাট জিলাৰ প্ৰতিখন প্ৰাথমিকৰ আই-বাপসকলেও এই ক্ষেত্ৰত অধিক দায়িত্বৰ বাবে সাজু হোৱা বুলি আমাক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। প্ৰতিবছৰে এই সঙ্ঘৰ অধিৱেশত লাখ লাখ ভকত-ভকতনীৰ সমাগম হয়। ১৯৩২ চনত নগাৱঁত ইয়াৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু সভাপতি আছিল হলধৰ ভূঞা। এইবাৰৰ অধিৱেশন হ’ব লগীয়া ক্ষেত্ৰৰ নাম ৰখা হৈছে পণ্ডিত ৰায় চাহাব গোপীকা বল্লভ সমন্বয় ক্ষেত্ৰ। অধিৱেশনত মূল সভা তথা কাৰ্য্যসূচীৰ সমান্তৰালভাৱে গ্ৰন্থমেলা, প্ৰদৰ্শনী, বহিঃবাণিজ্য, ভাওনাৰ প্ৰদৰ্শন আদিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে মূল মণ্ডপ আৰু মূল তোৰণ সম্পূৰ্ণ হৈ উঠিবলৈ এতিয়াও বাকী।