৯ বছৰত ৪৫ বাৰ নামিল আন্দোলনত, তথাপি দৰমহা বৃদ্ধি নহ’ল চৰকাৰী বিদ্যালয়ৰ ৰান্ধনিৰ

ৰান্ধনিৰ সংবাদমেল

মধ্যাহ্ন ভোজন ৰান্ধনিৰ লগতে সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা ৪৫বাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমানলৈকেতেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নকৰাৰ বাবেই তেওঁলোকে আজি পুনৰ গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে।

সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি/সহায়িকা সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে সংবাদমেলখনত বক্তব্য দাঙি ধৰে।

সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে উক্তসংবাদমেলতকয়,“২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰাই আমি মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কাম কৰি আহিছোবিগতকংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সময়ছোৱাত সময়ে সময়ে বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পিছতো কোনো এখন চৰকাৰে আমাৰ দৰমহা বৃদ্ধিৰ দাবী মানি লোৱা নাই।”

ইয়াৰ উপৰি তেওঁ দুখ প্ৰকাশ কৰি কয়, “চৰকাৰে আমাক আমাৰ ন্যায্য দাবীৰ পৰা বঞ্চিত কৰি আহিছে। আজিৰ যুগত ১০০০ টকাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয়।”

এই সন্দৰ্ভত সম্পাদিকাগৰাকীয়ে অনতি পলমে তেওঁলোকৰ দৰমহা ১০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত উক্ত সংবাদমেলৰ জৰিয়তে দাবী তোলে।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰন্ধাৰ উপৰি ছাত্ৰ-ছাত্রীসকলৰ নখ, দাঁত চাফা কৰা, বাচন-বৰ্তন ধোৱা আদি কামতো তেওঁলোকক ব্যৱহাৰ কৰি অহা বুলি জাহানাৰাই অভিযোগ উত্থাপন কৰে।

তদুপৰি ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ বজাৰ কৰাৰ দায়িত্ব শিক্ষকৰ পৰিৱৰ্তে ৰান্ধনীসকলক গটাই দিয়াৰ বাবেও তেওঁলোকে সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে কয়, ‘ৰান্ধনি সহায়িকাসকলক সামৰি এখন মধ্যাহ্ন ভোজন পৰিচালনা সমিতি গঠন কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছো।‘

উল্লেখ্য যে ডি. ই.এছ .পি./৮/৯৫-৯৬ পি-৪/৩০-০৫-০৯ তাং ১৩/১২/০৪ ৰ জাননীৰ জৰিয়তে এই ৰান্ধনি সহায়িকাসকলক কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি প্ৰদান কৰা হৈছিল যদিও ২০০৯ চনতহে ১০০০ টকাকৈ মাহিলী মজুৰি দিয়াৰ সিদ্ধান্ত লৈছিল বিগত কংগ্ৰেছ চৰকাৰে। উক্ত মজুৰিৰে তেওঁলোকে পৰিয়াল পোহপাল দিয়াত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে এই ৰান্ধনি সহায়িকাসকল।

উক্ত সংবাদমেলত সন্থাৰ ৰাজ্যিক সভানেত্ৰী সবিতা বড়োকে মুখ্য কৰি অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।