ৰাইজৰ সন্মুখত পূৰ্বৰ দুখন বাজেটৰ খাতিয়ান দাঙি ধৰিবলৈ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যাহ্বান

APCC

যোৱা ১২ মাৰ্চৰ দিনা উত্থাপিত বাজেটখনক বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মাই একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণমুখী বুলি নামকৰণ কৰাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইখন সস্তীয়া তথা চমক সৃষ্টিকাৰী বাজেট বুলি উল্লেখ কৰিছে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰদেশ কংগ্ৰেছে হিমন্তক কটাক্ষ কৰি কয় যে হিমন্তই ‘খুতুৰা শাকৰ পানী খাই মাংস খোৱাৰ উগাৰ মৰা’ নীতি গ্ৰহণ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছৰ মতে, ‘’যিসময়ত মোডী চৰকাৰে পুঁজি আবণ্টনৰ পৰিমাণ প্ৰত্যেক বছৰে ক্ৰমান্বয়ে হ্ৰাস কৰিছে সেই সময়তে বিত্ত মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্য্যাপ্ত পুঁজি অহা বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈছে।‘’

ইয়াৰোপৰি কংগ্ৰেছে প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰে, ‘’যোৱা বছৰৰ সৰ্বকালৰ দীঘল বক্তৃতাৰ বাজেট ৰূপায়ণত চৰমভাৱে ব্যৰ্থ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰো পুনৰ সস্তীয়া তথা চমক সৃষ্টিৰে শ্লোক, কাব্যৰস আৰু প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন ডিজিটেল বাজেট উত্থাপন কৰিলে। ‘’

বিজ্ঞপ্তিটোত বাজেটত উল্লেখ থকা প্ৰতিশ্ৰুতিসমূহ কথাৰ ফুলজাৰি বুলি কোৱা হৈছে। লগতে আঁচনিসমূহ অলংকাৰ-উপমাতে আবদ্ধ থকা বুলি সদৰী কৰে।

তেওঁলোকৰ মতে, ‘’ই-বাজেট, ডিজিটেল বাজেট, একত্ৰীকৰণ, সম্প্ৰসাৰণ, উত্তৰণ আদি শব্দৰ মায়াজালেৰে অসমৰ জনসাধাৰণক ভাল দিনৰ সপোনেৰে পুনৰ আশ্বস্ত কৰিব বিচাৰিছে।‘

আনহাতে কালি সদনত কংগ্ৰেছ দলৰ চৰকাৰ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰীক হিমন্তই কৰা সমালোচনা সন্দৰ্ভত তেওঁলোকে কয়, ‘’বিত্ত মন্ত্ৰীয়ে ৰখা বক্তব্যসমূহৰ দ্বাৰা প্ৰকৃততে প্ৰতিশ্ৰুতি পূৰণত নিজৰ চৰম ব্যৰ্থতাসমূহ ঢাকি ৰাখিবৰ বাবে তথা ৰাইজৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ এনে ধৰণৰ মন্তব্য কৰিছে।‘’

তদুপৰি তাৎপৰ্য্যপূৰ্ণভাবে বিৰোধী দলটোৱে প্ৰশ্ন উত্থাপন কৰি কয়, ‘’যদি কেন্দ্ৰৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ ধন আহিছেই তেন্তে কি কাৰণত ভগা মথাউৰিকেইটা পুনৰ মেৰামতি কৰিব নোৱাৰিলে?

কি কাৰণত ঠিকাদাৰসকলক প্ৰাপ্য ধনৰ যোগান ধৰিব নোৱাৰিলে? লগতে কৃষকৰ পৰা ধান কিনিবলৈ কৃষি বিপণন পৰিষদক চৰকাৰে পুঁজি যোগান ধৰিব পৰা নাই কিয়?’’

বিৰোধী দল কংগ্ৰেছে পূৰ্বৰ দুখন বাজেটৰ খাতিয়ান ৰাইজৰ সন্মুখত দাঙি ধৰাৰ লগতে নতুন বাজেট ৰূপায়ণৰ বাবে পুঁজি সংগ্ৰহ কৰিবৰ বাবে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।